দিবন ডেকাৰ জামিন লাভ

0 309

তদন্তকাৰী বিষয়াই সবল তথ্য প্ৰমাণ দিব নোৱাৰাই দিবন ডেকাই পালে জামিন। তৃষ্ণা শৰ্মা, অসীমজ্যোতি চক্ৰৱৰ্তীয়েও পালে সকাহ।

বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা আৰু চাকৰি কেলেংকাৰীৰ গোচৰত আৰক্ষীৰ সোপাঢিলা স্বৰূপটো উন্মোচন হৈছে। ৰাজ্য কঁপোৱা ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যা আৰু চাকৰি কেলেংকাৰীৰ গোচৰত নিৰ্ধাৰিত ৬০ দিনতো দাখিল কৰিব নোৱাৰিলে অভিযোগনামা।

খোদ মুখ্যমন্ত্ৰীয়ে ঘটনাৰ তদন্ত সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিব নিৰ্দেশ দিয়াৰ পিছতো গা এৰা দিলে আৰক্ষীয়ে।

আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই জামিন লাভ কৰে তিনিজনকৈ অভিযুক্তই। উল্লেখ্যযোগ্য যে ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ পিছতে উন্মোচন হৈছিল চাকৰিৰ নামত চলি অহা ক’লা বজাৰখনৰ ছবি। তাৰপাছতেই ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ গোচৰৰ লগতে ৰুজু কৰা হৈছিল চাকৰি কেলেংকাৰীৰ গোচৰ। এই গোচৰতে গ্ৰেপ্তাৰ কৰা হৈছিল বিজেপিৰ পৰা বহিষ্কৃত দিবন ডেকা, তৃষ্ণা শৰ্মা, অসীমজ্যোতি চক্ৰৱৰ্তী, ৰেখান্ত দাস, অনুৰাগ চলিহাকে ধৰি ভালেসংখ্যক অভিযুক্ত।

কিন্তু আৰক্ষীৰ সোপাঢিলা কাণ্ডৰ বাবেই শেহতীয়া ভাবে দিবন ডেকা, তৃষ্ণা শৰ্মা, আৰু অসীমজ্যোতি চক্ৰৱৰ্তীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত জামিন লাভ কৰিবলৈ সক্ষম হৈছে।

media school
Leave A Reply

Your email address will not be published.