উৎসৱৰ বতৰত গুৱাহাটীকে ধৰি সমগ্ৰ দেশতে LPGৰ মূল্য বৃদ্ধি,১০৩ টকাকৈ বৃদ্ধি প্ৰতিটো চিলিণ্ডাৰৰ মূল্য

0 247

সমগ্ৰ দেশজুৰি পুনৰ সলনি হ’ল ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য! উৎসৱৰ বতৰত গুৱাহাটীকে ধৰি সমগ্ৰ দেশতে LPGৰ মূল্য বৃদ্ধি পাইছে।

জানিব পৰা মতে, গুৱাহাটীত ১৯ কিলোগ্ৰাম বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য ১০৩ টকা বৃদ্ধি পাইছে।আজি ১ নৱেম্বৰৰ পৰা LPGৰ মূল্য বৃদ্ধি হোৱাৰ ফলত গুৱাহাটীত বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য ২,০৩৫ টকা হৈছে।

অক্টোবৰ মাহত ইয়াৰ মূল্য ১,৯৩২ টকা আছিল। এই মূল্য ছেপ্তেম্বৰৰ তুলনাত ২০৬ টকা বৃদ্ধি পাইছিল। অৰ্থাৎ ছেপ্তেম্বৰ মাহত বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১,৭২৬ টকা আছিল, যি অক্টোবৰত ২০৬ টকা বৃদ্ধি হৈ ১,৯৩২ টকা হৈছিল।

বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য একেৰাহে দ্বিতীয় মাহত বৃদ্ধি কৰা হৈছে। বিগত দুমাহত ই ৩০৯ টকা বৃদ্ধি পাইছে।আজি গুৱাহাটীত ১৪.২ কিলোগ্ৰামৰ ৰাজসাহায্যবিহীন ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য ৯৫২ টকা। এই মূল্য আগষ্ট মাহৰ পৰা একেই আছে। অৱশ্যে, এই মূল্য ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতি মাহে সংশোধন কৰা হয়।

media school
Leave A Reply

Your email address will not be published.