ছেমি ফাইনেলৰ পূৰ্বে টীম ইণ্ডিয়াৰ বাবে ডাঙৰ ক্ষতি,world cup ২০২৩ ৰ পৰা বাহিৰ হ’ল ষ্টাৰ allrounder হাৰ্দিক পাণ্ডিয়া

0 201

World Cup ছেমি ফাইনেললৈ মাজত মাথো কিছুদিন বাকী। ছেমি ফাইনেলৰ বাবে সাজু টীম ইণ্ডিয়া। কিন্তু ছেমি ফাইনেলৰ পূৰ্বে এক ডাঙৰ ক্ষতিৰ সন্মুখীন হৈছে টীম ইণ্ডিয়া।কিয়নো world cup ২০২৩ ৰ পৰা ষ্টাৰ allrounder হাৰ্দিক পাণ্ডিয়া ।

অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ ঠাইত খেলিব বলাৰ প্ৰসিদ্ধ কৃষ্ণ।উল্লেখ্য যে পুনেৰ এমচিএ ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত ভাৰতৰ খেলখনত মাত্ৰ ৩ ত বল দিয়াৰ পিছতে গোৰোহাত আঘাত পাইছিল পাণ্ডিয়াই।

আঘাতৰ পৰা সম্পূৰ্ণ সুস্থ হ’ব নোৱাৰাৰ বাবে ২০২৩ চনৰ বিশ্বকাপৰ বাকীকেইখনত খেলত ভাগ ল’ব নোৱাৰিব হাৰ্দিকে।

ইয়াৰ মাজতে পাণ্ডিয়াৰ ঠাইত প্ৰসিদ্ধ কৃষ্ণই দলত স্থান লাভ কৰিছে। প্ৰতিযোগিতাখনৰ ইভেণ্ট টেকনিকেল কমিটীয়ে পেচাৰগৰাকীক সলনি হিচাপে অনুমোদন জনায়।

৫ নৱেম্বৰত কলকাতাৰ আইকনিক ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’বলগীয়া টেম্বা বাভুমাৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলখনৰ বাবে কৃষ্ণ উপলব্ধ হ’ব।

media school
Leave A Reply

Your email address will not be published.