আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসম সন্তান দেৱব্ৰত পাঠক

0 190

হাজোৰ ডাঃ বেদব্ৰত পাঠকলৈ ‘ইন্টাৰনেচনেল য়ুথ আইকন এৱাৰ্ড ২০২৩’

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল হাজোৰ সু-সন্তান ডাঃ বেদব্ৰত পাঠক । নতুন দিল্লীৰ হোটেল ললিতত অনুষ্ঠিত হোৱা ডি-৩০ শীৰ্ষক অনুষ্ঠানত ডাঃ বেদব্ৰত পাঠকক প্ৰদান কৰা হ’ল “ইন্টাৰনেচনেল য়ুথ আইকন এৱাৰ্ড ২০২৩”।

কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ উপস্থিতিত অসম সন্তান গৰাকীক প্রদান কৰা হল এই সন্মানীয় বঁটা। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত অনুষ্ঠানত উত্তৰৰ পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰি বিশেষ বক্তা হিচাপে ভাষণ প্ৰদান কৰে ডাঃ পাঠকে।

নাইজেৰিয়া, কানাডা, অষ্ট্ৰিয়া আদিকে ধৰি প্ৰায় ৩০ খন দেশৰ প্ৰতিনিধিৰ সন্মুখত সাৱলীল ভাষণ প্ৰদান কৰে ডাঃ পাঠকে। ডাঃ পাঠকৰ ভাষণ শুনি অভিভূত হয় বিদেশী প্ৰতিনিধি।

‘ড্ৰাগছ মুক্ত ভাৰত ড্ৰাগছ মুক্ত পৃথিৱী’ শীৰ্ষক কনক্লেভত অসমত গ্ৰহণ কৰা ড্ৰাগছ বিৰোধী পদক্ষেপৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰে ডাঃ বেদব্ৰত পাঠকে।

media school
Leave A Reply

Your email address will not be published.