ক’লা বজাৰত বিক্ৰী ক্ৰিকেট মেচৰ টিকেট

0 200

আজিৰ দিনটোত অনুষ্ঠিত হোৱা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেল খনৰ টিকট বিক্ৰী হৈছে কলা বজাৰত।কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা খেলৰ টিকট প্ৰায় ২০ গুণ অধিক দামত বিক্ৰী হৈছে।

এই পৰ্যন্ত মুঠ ১৬ জনকৈ লোকক কলা বজাৰত টিকট বিক্ৰী কৰাৰ অপৰাধত আৰক্ষীয়ে আটক কৰিছে । বংগ ক্ৰিকেট সন্থাৰ সদস্যও এই ক্ষেত্ৰত জড়িত আছে বুলি জানিব পৰা গৈছে। কিন্তু সন্থাৰ সভাপতি স্নেহাশিস গাংগুলীয়ে এই কথাক অস্বীকাৰ কৰিছে।

১ নৱেম্বৰ বুধবাৰৰ পৰা শুকুৰবাৰ পর্যন্ত মুঠ ১৬জন লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ তেওঁলোকৰ পৰা বাজেয়াপ্ত কৰিছে আজি ভাৰত–দক্ষিণ আফ্রিকাৰ মেচখনৰ ৯৪টা টিকট৷ ইয়াৰ ভিতৰত ৯জনক বৃহস্পতিবাৰে দুপৰীয়াৰ পৰা শুকুৰবাৰে পুৱাৰ ভিতৰত গ্রেপ্তাৰ কৰা হৈছে৷

আৰক্ষীৰ দাবী– এই ৯জনৰ ভিতৰতে আছে বংগ ক্রিকেট সন্থাৰ এজন সদস্য৷ ধৃত সদস্যজনৰ নাম হেমল শ্বাহ৷ তেওঁক এণ্টালি থানাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা ১০টা টিকটসহ মৌলালীৰ পৰা গ্রেপ্তাৰ কৰিছে৷

media school
Leave A Reply

Your email address will not be published.