আজি বিশ্বকাপৰ প্ৰথম খন চেমি ফাইনেল: অপ্ৰতিৰোধ্য ভাৰতৰ সমুখ সমৰত নিউজিলেণ্ড

0 258

আজি অনুষ্ঠিত হ’ব বিশ্বকাপ ২০২৩ ৰ প্ৰথমখন চেমি ফাইনেল। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব এই মহাৰণ।

মুম্বাইৰ ৱাংখাড়েত ষ্টেডিয়ামত অনুস্থিত হব এই খেলখন। দিনৰ ১.৩০ বজাত হ’ব টছ, আৰু ঠিক ২ বজাৰ লগে লগে আৰম্ভ হব ছেমিফাইনেলৰ প্ৰথমখন খেল।

দুয়োটা টীমৰ বাবে এই টছ হব অতি গুৰু্বপূৰ্ণ। যিটো দলে টছ জয়ী হব সেইটো দলৰে ভাগ্য উদয় হব কিয়নো দ্বিতীয় ইনিংছত বেট কৰাটো মুঠেই সহজ নহ’ব।

আনহাতে ভাৰতৰ বাবে আজিৰ খেলখন হব অগ্নিপৰীক্ষা স্বৰূপ । বহুবাৰ icc ৰ নকআউট মেচত ভাৰতৰ সপোন ভাঙিছে নিউজিলেণ্ডে। ২০১৯ৰ ছেমিফাইনেল, ২০২১ ৰ world test championship ফাইনেলতো নিউজিলেণ্ডৰ হাতত পৰাজয়ৰ সন্মুখীন হবলগীয়া হৈছিল ভাৰতক।

বিশ্বকাপৰ আটাইকেইখন মেচত বৰ্তমান লৈকে অপৰাজিত ভাৰত,আৰু নিউজিলেণ্ড ইতিমধ্যে ৪ খন খেলত পৰাস্ত হৈছে

আজিৰ খেলখনে নিশ্চিত কৰিব ফাইনেলৰ এটি দল । কোনে খেলিব বিশ্বকাপ ২০২৩ ৰ ফাইনেল-ভাৰত নে নিউজিলেণ্ড সেয়া আজিৰ খেলখনত হ’ব লক্ষণীয়

media school
Leave A Reply

Your email address will not be published.