ভাৰতে বিশ্বকাপ জিকিলে ‘নগ্ন’ হৈ সাগৰৰ পাৰত দৌৰিব এইগৰাকী অভিনেত্ৰীয়ে! কোন এই লাস্যময়ী অভিনেত্ৰী ?

0 283

ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত বিশ্বকাপ ফাইনেলক লৈ চৌদিশে উত্তেজনা।একপ্ৰকাৰ ক্ৰিকেট জ্বৰত আক্ৰান্ত সমগ্ৰ ভাৰত। ক্ৰমাগতভাৱে ১০খন মেচ জিকি ফাইনেলত ভাৰত। আনহাতে, অষ্ট্ৰেলিয়ায়ো জিকিছে ৮খন মেচ। ফাইনেলক লৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত উখল-মাখল পৰিৱেশ। কিন্তু কোনে মাৰিব শেষ হাঁহি? বিশ্বকাপ ট্ৰফী তুলি ল’ব কোনে? এয়া এতিয়া লাখটকীয়া প্ৰশ্ন।

তাৰ মাজতে এগৰাকী লাস্যময়ী অভিনেত্ৰীৰ অদ্ভুত  মন্তব্য। ভাৰতে বিশ্বকাপ জিকিলেই নগ্ন হ’ব তেলেগু অভিনেত্ৰী ৰেখা বোজ। বিশাখাপট্টনমৰ সমুদ্ৰ তীৰত নগ্ন হোৱাৰ হ’ব বুলি কয় অভিনেত্ৰীগৰাকীয়ে। এই মন্তব্যৰ পিছতে ট্ৰ’লৰ সন্মুখীন হৈছে অভিনেত্ৰীগৰাকী।

২০১১ চনত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত বিশ্বকাপ জিকিছিল ভাৰতে। তেতিয়াও এই ধৰণৰ মন্তব্য কৰিছিল পুনম পাণ্ডেই। ভাৰত জিকিলে তেওঁ নগ্ন হোৱাৰ কথা কৈছিল। কিন্তু ভাৰতে বিশ্বকাপ জিকাৰ পিছত নীৰৱ হৈ পৰিছিল অভিনেত্ৰীগৰাকী।ভাৰত বনাম অষ্ট্ৰেলিয়া বিশ্বকাপৰ ফাইনেলৰ আগতে তেলেগু অভিনেত্ৰীগৰাকীয়ে তেওঁৰ বিতৰ্কিত মন্তব্যৰ দ্বাৰা শিৰোনাম দখল কৰিছে, নেটিজেনসকলে তেওঁক মন্তব্যত সমালোচনা কৰিছে।

media school
Leave A Reply

Your email address will not be published.