IND vs AUS Final: আজিৰ মেচখনত বাস্তবায়িত হ’ব মহম্মদ ছামীৰ এই সপোন!
ভাৰতে চতুৰ্থবাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। টীম ইণ্ডিয়াই ১৯৮৩, ২০০৩ আৰু ২০১১ চনৰ পিছত পুনৰ ফাইনেলত প্ৰৱেশ কৰিছে। অৱশ্যে, এতিয়ালৈকে কেৱল দুবাৰহে বিশ্ব চেম্পিয়ন হৈছে টীম ইণ্ডিয়া ।
চলিত বিশ্বকাপত ৰোহিতৰ দলটোৱে একেৰাহে ১০খন মেচত জয় লাভ কৰি একমাত্ৰ অপৰাজিত দল হৈ আছে। টীম ইণ্ডিয়াই হট ফেভাৰিট হিচাপে খেলপথাৰত প্ৰৱেশ কৰা সকলো দলকে পৰাস্ত কৰিছে। ভাৰতীয় দলটোৰ একেৰাহে জয় লাভত অধিনায়ক ৰোহিত শৰ্মাৰ ভূমিকা প্ৰশংসনীয়।
বিৰাট, ৰোহিত, শ্ৰেয়াছৰ সমান্তৰালকৈ ছামীয়ে টীম ইণ্ডিয়াক অধিক শক্তি প্ৰদান কৰিছে। চলিত বিশ্বকাপত ছামীয়ে অতি সুন্দৰ প্ৰদৰ্শন কৰিছে। তিনিখন মেচত ৫ টাকৈ উইকেট লাভ কৰা ছামীয়ে ছেমি ফাইনেলত ৭টা উইকেট দখল কৰি টীম ইণ্ডিয়ালৈ জয় কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
শেহতীয়াকৈ উত্তৰপ্ৰদেশ চৰকাৰে ছামীৰ গৃহ চহৰত এখন ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে। এতিয়া ছামীৰ আন এক ডাঙৰ সপোন আজি পূৰণ হ’ব।আজি ছামীৰ মাতৃয়ে তেওঁৰ খেল চাবলৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামলৈ আহিব। ছামীৰ সপোন আছিল যে এদিন মাকক খেলপথাৰত বহুৱাই নিজৰ খেল দেখুৱাব। এতিয়া তেওঁৰ এই ইচ্ছা পূৰণ হ’ব। কিয়নো বিশ্বকাপৰ ফাইনেলত ছামীৰৰ মাতৃয়ে খেলপথাৰত বহি তেওঁৰ খেল চাব।