সফলতাই মূৰত ধৰিছে টীম অষ্ট্ৰেলিয়াৰ,বিশ্বকাপ ট্ৰফীৰ ওপৰত ভৰি থৈ মিটছেল মাৰ্শ্বৰ ফটোশ্বুটক লৈ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া

0 219

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত বিশ্বকাপৰ ফাইনেলখন ১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। অষ্ট্ৰেলিয়াৰ দলটোৱে এই খেলখনত এটা সহজ জয় সাব্যস্ত কৰিছিল।খেলখনৰ দ্বিতীয় ইনিংছত টীম ইণ্ডিয়াৰ দুৰ্দান্ত বলিঙত প্ৰথম আধা ঘণ্টাত কেংগাৰুবাহিনীয়ে ৩টা উইকেট হেৰুৱাই যজিও ট্ৰেভিছ হেড আৰু মাৰ্নাছ লাবুচাগনেৰ সুন্দৰ বেটিংৰ ভিত্তিত অষ্ট্ৰেলিয়াই ষষ্ঠবাৰৰ বাবে বিশ্বকাপৰ খিতাপ জয় কৰে।

ইপিনে ২৪০ কোটি ভাৰতীয়ৰ ১২বছৰীয়া সপোন ভংগ হোৱাৰ মাজতে ছ’চিয়েল মিডিয়াত এখন ফটো ভাইৰেল হৈ আছে, য’ত অষ্ট্ৰেলিয়াৰ মিচেল মাৰ্শে ট্ৰফীখনত ভৰি দি ফটোশ্বুট কৰা দেখা গৈছে। অষ্ট্ৰেলিয়াৰ খেলুৱৈ মিচেল মাৰ্ছৰ এই ফটোখনক লৈ ছচিয়েল মিডিয়াত যথেষ্ট ট্ৰ’লৰ সন্মুখীন হৈছে। আনকি একাংশ অনুৰাগীয়ে তেওঁক লিয়োনেল মেছিৰ সৈতে তুলনা কৰিছে।

দৰাচলতে, যেতিয়া মেছিয়ে ফিফা বিশ্বকাপৰ খিতাপ জিকিছিল, পিছদিনা তেওঁক তেওঁৰ সৈতে ট্ৰফীৰ সৈতে শুই থকা দেখা গৈছিল। অনুৰাগীসকলে ইয়াক মিচেল মাৰ্শ্বৰ সৈতে তুলনা কৰি কয় যে মিচেল মাৰ্শে ট্ৰফীত ভৰি ৰাখিব নালাগে। মিচেল মাৰ্শে এই খেলখনত ১৫ টা বলত ১৫ ৰাণ সংগ্ৰহ কৰিছিল। ইয়াৰ উপৰিও, তেওঁ 2 অভাৰ বল কৰিছিল য’ত তেওঁ 5 ৰাণ দিছিল।

media school
Leave A Reply

Your email address will not be published.