উত্তৰ-পূৱৰ আকাশত দেখা গ’ল অন্য গ্ৰহৰ যান ( UFO),সামাজিক মাধ্যমত আচাৰ্য পংকজ পাঠকে ক’লে -“মই কোৱাৰ দৰে সকলো হৈ আছে,এতিয়া সিহঁতে পৃথিৱীতো আক্ৰমণ কৰিব”

0 263

সময় তেতিয়া দেওবাৰে দুপৰীয়া ২ বাজিছিল।কোটি কোটি ভাৰতীয় ব্যস্ত আছিল ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত চলা মহাৰণখনক লৈ।কিন্তু থিক তেতিয়াই ইম্ফল বিমান বন্দৰত সংঘটিত হৈছিল এক আচৰ্য্যকৰ ঘটনা।উত্তৰ-পূৱৰ আকাশত হঠাত দৃশ্যমান হ’ল UFO।মূহুৰ্ততে লাগিল হুৱা-দুৱা।পৰৱৰ্তী সময়ত ভাৰতীয় বায়ু সেনাই দুখন ৰাফেল যুঁজাৰু বিমান ইম্ফল বিমানবন্দৰৰ ওচৰত দেখা পোৱা অচিনাক্ত উৰণীয়া বস্তুৰ সন্ধানত প্ৰেৰণ কৰিছিল।

প্ৰতিৰক্ষা সূত্ৰই সংবাদ সংস্থা এএনআইক জনোৱা মতে, “ইম্ফল বিমানবন্দৰৰ ওচৰত ইউএফঅ’ৰ বিষয়ে তথ্য পোৱাৰ পিছতে ওচৰৰ এয়াৰবেছৰ পৰা এখন ৰাফেল যুঁজাৰু বিমান তালৈ গৈ ইয়াৰ সন্ধান কৰিবলৈ প্ৰেৰণ কৰা হৈছিল।”

“উন্নত চেন্সৰেৰে সজ্জিত বিমানখনে ইউএফঅ’ৰ সন্ধানৰ বাবে সন্দেহজনক এলেকাৰ ওপৰেৰে অতি কম উচ্চতাত উৰা মাৰিছিল, কিন্তু তাত একো পোৱা নাছিল,” তেওঁ কয় যে প্ৰথম খন বিমান উভতি অহাৰ পিছত আন এখন ৰাফেল যুঁজাৰু বিমান প্ৰেৰণ কৰা হৈছিল। তেওঁ লগতে অনুসন্ধান কৰিছিল, কিন্তু অঞ্চলটোৰ চাৰিওফালে ইউএফঅ’ দেখা পোৱা নাছিল।

তেওঁ কয়, “সংশ্লিষ্ট সংস্থাসমূহে ইম্ফল বিমানবন্দৰত ইউএফঅ’ দেখাৰ ভিডিঅ’ পোহৰলৈ অহাৰ বাবে ইউএফঅ’ৰ বিৱৰণ জানিবলৈ চেষ্টা কৰি আছে।”

অৱশ্যে এই ঘটনাৰ পাছতেই কেইবাখনো বাণিজ্যিক বিমানৰ উৰণৰ সময় সাল-সলনি কৰা হয়।ইতিমধ্য এই ঘটনাক লৈ আচাৰ্য পংকজ পাঠকে সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে-

“আপোনালোকে খেল চাই থাকোতে সিহঁতে আজি ভাৰতৰ আকাশত #UFO লৈ প্ৰৱেশ কৰিলে ।।।

আজি ইম্ফল বিমানবন্দৰৰ ওপৰত #UFO দেখা পোৱা যায় ।। যাৰবাবে বহুকেইখন বিমানৰ গতিপথ সলনি কৰিবলগীয়া হয় ।। দুপৰীয়া ২ঃ৩০ বজাৰ পৰা সন্ধিয়া ৬ঃ০০ বজালৈ বিমানবন্দৰ বন্ধ ৰখা হয় ।।

মই আপোনালোকক যিদৰে কৈছিলো , সকলো একেদৰে হৈ আছে ।। এতিয়া হয়তো সিহঁতে পৃথিৱীত আক্ৰমনো কৰিব ।।।”

media school
Leave A Reply

Your email address will not be published.