ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান (আই.আই.ই) গুৱাহাটীৰ উদ্যোগত প্ৰধান মন্ত্ৰী বন ধন যোজনাৰ অধীনত বন ধন বিকাশ কেন্দ্ৰসমূহক আৰ্থিক পুঁজি বিতৰণ

0 146

ভাৰতবৰ্ষক বিশ্বৰ ভিতৰতে এক শক্তিশালী অৰ্থনীতিৰ দেশ ৰূপে গঢ়ি তুলিবলৈ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডী ডাঙৰীয়াই অহৰহ চেষ্টা অব্যাহত ৰাখিছে। তাৰেই অংশস্বৰূপে দেশৰ জনজাতীয় লোকসকলক আৰ্থিকভাৱে টনকিয়াল কৰি আগুৱাই লৈ যাবৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা প্ৰধান মন্ত্ৰী বন ধন যোজনাৰ অধীনত আজি ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান (আই.আই.ই), গুৱাহাটীৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত ৰাজ্যখনৰ ৬৮টা বন ধন বিকাশ কেন্দ্ৰক ২,৪০,০০০.০০ টকাকৈ মুঠ ১.৬৩ কোটি টকাৰ কাৰ্যকৰী মূলধন আৰু ১৬টা বন ধন বিকাশ কেন্দ্ৰক ১,১২,৫০০.০০ টকাকৈ মুঠ ১৮ লাখ টকাৰ সহায়ক মূলধন আনুষ্ঠানিকভাৱে অসম চৰকাৰৰ ভৈয়াম জনজাতি কল্যাণ আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰদান কৰে।

অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৰাষ্ট্ৰ নিৰ্মাণত আমি প্ৰতিগৰাকী নাগৰিক জড়িত হৈ আছোঁ আৰু সেয়ে ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে লোৱা বন ধন যোজনা আদিৰ দৰে আঁচনিৰ সফল ৰূপায়ণত প্ৰতিগৰাকী নাগৰিকৰে দায়িত্ব আছে। বন ধন যোজনাই দেশক এক নতুন মাত্ৰা প্ৰদান কৰিছে। দেশৰ প্ৰধান মন্ত্ৰী ডাঙৰীয়াই আমাৰ কৃষকসকলৰ আয় দুগুণ কৰাৰ এক পদক্ষেপ গ্ৰহণ কৰিছিল। এই আঁচনিৰ জৰিয়তে আমাৰ ৰাইজে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহৰ উচিত মূল্য লাভ কৰিবলৈ সক্ষম হ’ব, যাৰ দ্বাৰা তেওঁলোক আৰ্থিকভাৱে লাভৱান আৰু সবল হৈ উঠিব

। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে আমি প্ৰস্তুত কৰা খাদ্যসমগ্ৰীসমূহ দীৰ্ঘ সময়ৰ বাবে উপযোগী কৰি সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰি তুলিব লাগিব আৰু লগতে ইয়াক বজাৰত উপস্থাপনৰ মান উন্নত কৰিব লাগিব, তেতিয়াহে আমাৰ উৎপাদিত সামগ্ৰীয়ে বজাৰত চাহিদা লাভ কৰিব। তেওঁ আৰু কয় যে বজাৰ দখল কৰিব লাগিলে আমাৰ উৎপাদনৰ হাৰ দুগুণ কৰিব লাগিব। বন ধন বিকাশ কেন্দ্ৰৰ আজিৰ অনুষ্ঠানত উপস্থিত প্ৰতিগৰাকী আই-মাতৃক তেওঁলোকৰ মূলধন জমা কৰি ব্যৱসায়ত নিয়োগ কৰিবলৈ আহ্বান জনায়। মন্ত্ৰী গৰাকীয়ে আই.আই.ইৰ উদ্যোগত গঢ়ি উঠা ট্ৰিচাম ব্ৰেণ্ডক ভূয়সী প্ৰশংসা কৰে। আজিৰ এই অনুষ্ঠানত ভৈয়াম জনজাতি কল্যাণ বিভাগৰ প্ৰধান সচিব মুকেশ সাহু, আই.আই.ই.ৰ সঞ্চালক ললিত শৰ্মা, ট্ৰাইফেড এন.ই. সংমণ্ডলৰ আঞ্চলিক প্ৰৱন্ধক পানথিং খেইচিং উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.