শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ ককিলামাৰীত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া প্ৰতিৰোধী আঁচনিৰ আধাৰশিলা স্থাপন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

0 224

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি শিৱসাগৰ জিলাৰ থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ককিলামাৰী শনিবৰীয়া বজাৰ অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰায় ৮ কোটি টকা ব্যয়েৰে গ্ৰহণ কৰা আঁচনিখনৰ আধাৰশিলা স্থাপন কৰে |

অঞ্চলটোত প্ৰায় ৬০০ মিটাৰ দৈৰ্ঘ্যৰ এলেকাত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে জিঅ’ বেগ, পৰ্কুপাইন আদিৰ ব্যৱহাৰেৰে খহনীয়া প্ৰতিৰোধী কাম কৰা হ’ব বুলি উপস্থিত সাংবাদিকৰ আগত মন্তব্য প্ৰদান কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে কয় যে থাওৰা সমষ্টিত বিগত বিধানসভাৰ উপ-নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি জলসম্পদ বিভাগৰ সকলো কাম হাতত লোৱা হৈছে | মন্ত্ৰীগৰাকীৰ লগতে এই অনুষ্ঠানত সাংসদ তপন কুমাৰ গগৈ আৰু থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইও উপস্থিত আছিল

media school
Leave A Reply

Your email address will not be published.