আপুনি বাৰু অত্যাধিক মাত্ৰত নিমখ সেৱন কৰে নেকি? যদি কৰে তেন্তে দেখা দিব পাৰে এইসমূহ লক্ষণে

0 235

আমি নিত্য নৈমিত্তিক জীৱনত আমাৰ খাদ্যত নিমখৰ প্ৰয়োগ কৰো ৷ খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে মানুহে বহু ধৰণৰ মছলা ব্যৱহাৰ কৰে ৷ কিন্তু খাদ্যত নিমখ নিদিয়ালৈকে ইয়াৰ সোৱাদ কোনেও পচন্দ নকৰে । কিন্তু অত্যধিক মাত্ৰত ইয়াক ব্যৱহাৰ কৰিলে কেতিয়াবা ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে । খাদ্যত সীমিত পৰিমাণৰ নিমখৰ ব্যৱহাৰ আমাৰ বাবে উপকাৰী(Excessive salt)। কিন্তু যদি আপুনি ইয়াক অত্যধিকভাৱে সেৱন কৰি আছে, তেন্তে ই আপোনাৰ স্বাস্থ্যৰ পক্ষে সমস্যাৰ সৃষ্টি কৰিব পাৰে । খাদ্যত অতিৰিক্ত নিমখ লৈ খোৱাৰ অভ্যাস বাদ দিয়ক । দুৰ্বল জীৱনশৈলীৰ বাবে সম্প্ৰতি ডায়েবেটিচৰ দৰে দুৰাৰোগ্য ৰোগ তুলনামূলকভাৱে বৃদ্ধি হৈছে।

আমি দৈনন্দিত জীৱনত অত্যাধিক মাত্ৰত নিমখ খালে এই সমূহ লক্ষণে দেখা দিব পাৰে(Signs You’re Eating Too Much Salt)

ৰক্তচাপ বৃদ্ধি
যদি হঠাতে আপোনাৰ ৰক্তচাপ বৃদ্ধি হয় তেন্তে অধিক নিমখ সেৱনৰ ফলত হ’ব পাৰে । অত্যধিক নিমখ খালে BP বাঢ়িবলৈ আৰম্ভ কৰে । অধিক নিমখ খালে তেজত ছডিয়ামৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত আমাৰ শৰীৰৰ কোষৰ পৰা পানী ওলাই আহিবলৈ আৰম্ভ কৰে । এই পানী কোষ বিশেষকৈ মগজুৰ কোষৰ বাবে ক্ষতিকাৰক হয় ।

অত্যধিক পিয়াহ লগা
বেছিকৈ নিমখ খালে কেতিয়াবা অত্যধিক পিয়াহ লাগে । যদি আপোনাৰ ডিঙিটো প্ৰায়ে শুকাই থাকে আৰু পানী খোৱাৰ পিছতো আপোনাৰ পিয়াহ শেষ নহয়, তেন্তে অতিৰিক্ত নিমখৰ বাবেই হ’ব পাৰে(What Happens If You Eat Too Much Salt)।

শৰীৰ ফুলা
অতিমাত্ৰা নিমখ সেৱনৰ বাবে শৰীৰৰ বিভিন্ন অংশত ফুলাৰ দৰে সমস্যাই দেখা দিব পাৰে । যদি আপুনি ৰাতিপুৱা ফুলি উঠা অনুভৱ কৰে বা আঙুলি আৰু গোৰোহাৰ চাৰিওফালে ফুলা দেখা পায়, তেন্তে ইয়াৰ কাৰণ হ’ব পাৰে অত্যধিক নিমখ । শৰীৰত অতিৰিক্ত তৰল পদাৰ্থ থাকিলে ফুলি উঠিব পাৰে, যাক ইডিমা বুলি জনা যায় ।

সঘনাই মূৰৰ বিষ হোৱা
যদি আপুনি সঘনাই মূৰৰ বিষ অনুভৱ কৰি আছে, তেন্তে এইটোও বেছি নিমখ খোৱাৰ লক্ষণ হ’ব পাৰে । দৰাচলতে ডিহাইড্ৰেচনৰ বাবে সঘনাই মৃদু মূৰৰ বিষ হয় ।

media school
Leave A Reply

Your email address will not be published.