worldcup নেখেলে নেকি কোহলীয়ে? বিৰাট কোহলীৰ টি-২০ কেৰিয়াৰ শেষ নেকি? বিচিচিআইৰ সৈতে কি আলোচনা কোহলীৰ

0 6,413

ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত বিৰাট কোহলী সৰ্বাধিক ৰান সংগ্ৰহকাৰী খেলুৱৈ। তেওঁ ১১৫ খন খেলত মুঠ ৪ হাজাৰ ৮ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ বেটিং গড় ৫২.৭৪ আৰু ষ্ট্ৰাইক ৰেট ১৩৭.৯৭। টি-২০ত তেওঁ ৩৭টা অৰ্ধশতক আৰু এটা শতক অৰ্জন কৰিছে। তেওঁৰ সৰ্বোচ্চ স্ক’ৰ ১২২।

আইচিচি এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ পিছত বৰ্তমান ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰি আছে।টেষ্ট শৃংখলাৰ পৰা দললৈ উভতি আহিব পাৰে।

ইয়াৰ মাজতে বিৰাট কোহলীক লৈ নতুন জল্পনা-কল্পনা আৰম্ভ হৈছে। ২০২৪ চনত কোহলীয়ে টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰিবনে নাই, বিৰাটৰ টি-২০ কেৰিয়াৰ শেষ হ’ব নেকি আদিকে ধৰি ইতিমধ্যে কেইবাটাও প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিছে।

টি-২০ বিশ্বকাপৰ বাবে BCCIএ এটা পৰিকল্পনা তৈয়াৰ কৰিব বিচাৰিছে। সেয়ে BCCIএ জানিব বিচাৰিছে যে বিৰাট কোহলী, ৰোহিত শৰ্মাৰ দৰে জ্যেষ্ঠ ক্ৰিকেটাৰে খেলিব নে নাই।২০২২ চনৰ টি-২০ বিশ্বকাপৰ পিছত কোহলীয়ে টি-২০ ক্ৰিকেট খেলা নাছিল। অহা বছৰ টি-২০ বিশ্বকাপত খেলিব নে নাই সেই বিষয়ে এতিয়াও বিৰাটে সিদ্ধান্ত লোৱা নাই। কিন্তু ক্ৰিকেট ব’ৰ্ডে বিৰাট কোহলীৰ সৈতে আলোচনা নকৰাকৈ কোনো চূড়ান্ত সিদ্ধান্ত ল’ব নিবিচাৰিব।

ক্ৰিকেট ব’ৰ্ডৰ এগৰাকী বিষয়াই কয় যে, ‘‘এই মুহূৰ্তত বিৰাট কোহলীক টি-২০ দলত অন্তৰ্ভুক্ত কৰাটো কঠিন। কিন্তু ভাৰতীয় দল পৰিচালনা সমিতি বৰ্তমান কোনো সিদ্ধান্ত ল’বলৈ সাজু নহয়। আমি প্ৰথমে বিৰাটৰ সৈতে কথা পাতিম। তেওঁ কি সিদ্ধান্ত ল’ব সেয়া বিশ্ব টি-২০ত বিৰাটৰ খেলৰ ওপৰত নিৰ্ভৰ কৰিব।’’

media school
Leave A Reply

Your email address will not be published.