Box-office ত চুপাৰহিট ৰণবীৰ কাপুৰ অভিনীত ‘এনিমেল’,৯ দিনত বক্স অফিচত ৬৬০ কোটি উপাৰ্জন

0 2,192

ৰণবীৰ কাপুৰ ৰস্মিকা মাণ্ডানাৰ অভিনয় আৰু সন্দীপ ৰেড্ডী ভাঙ্গাৰ দ্বাৰা পৰিচালিত, ছবিখন ১ ডিচেম্বৰত হিন্দী, তেলেগু, তামিল, কানাড়া আৰু মালায়ালমত মুক্তি দিয়া হৈছিল।

প্ৰযোজনা গৃহ টি-চিৰিজে এক্স-ত “এনিমেল”ৰ সংগ্ৰহ আপডেট ভাগ বতৰা কৰি কয় যে ছবিখনৰ বিশ্বব্যাপী মুঠ উপাৰ্জন হৈছে 660.89 কোটি টকা।

Animal Movie Trailer Previews Ranbir Kapoor and Rashmika Mandanna's  Action-Drama

এনিমেলৰ’ আৰম্ভনি ণিসপ্তাহটো বাম্পাৰ আছিল। ছবিখনে আৰম্ভণিৰ দিনা ৬৩.৮০ কোটি টকা উপাৰ্জন কৰে, তাৰ পিছত শনিবাৰে ৬৬.২৭ কোটি টকা, দেওবাৰে ৭১.৪৬ কোটি টকা, সোমবাৰে ৪৩.৯৬ কোটি টকা, মঙলবাৰে ৩৭.৪৭ কোটি টকা, বুধবাৰে ৩০.৩৯ কোটি টকা আৰু বৃহস্পতিবাৰে ২৪.২৩ কোটি টকা উপাৰ্জন কৰে।

টি-চিৰিজৰ মতে ছবিখনে শুক্ৰবাৰ শনিবাৰকে ধৰি বিশ্বজুৰি মুঠ ৬৬০ কোটি টকা সংগ্ৰহ কৰিছে, আৰু বৰ্তমান গদৰ-২, পাঠান আৰু জোৱানৰ পিছত বছৰটোৰ চতুৰ্থ সৰ্ববৃহৎ হিন্দী চলচ্চিত্ৰ। ‘এনিমেল’ এতিয়া সঞ্জুক অতিক্ৰম কৰি ৰণবীৰৰ আটাইতকৈ ডাঙৰ হিট ছবি হৈ পৰিছে।

media school
Leave A Reply

Your email address will not be published.