কংগ্ৰেছ সাংসদৰ ঘৰত পৰ্বতসম টকা,৪০টা মেচিনেৰে টকা গণি শেষ কৰিলে বেংক কৰ্মচাৰীয়ে

0 16,418

কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ ঘৰত উদ্ধাৰ হোৱা বৃহৎ পৰিমাণৰ ধনৰ গণনা অব্যাহত আছে। ইয়াৰ বাহিৰে আন আন স্থানত উদ্ধাৰ হোৱা ধন গণি শেষ কৰিছে অভিযানকাৰী দলে।

উল্লেখ্য যে,আয়কৰ বিভাগে কংগ্ৰেছ সাংসদগৰাকীৰ ঝাৰখণ্ড, উৰিষ্যা, পশ্চিমবংগ আদিত থকা ৯টা কৈ ঘৰ তথা কাৰ্যালয়ত অভিযান চলাইছে। ইয়াৰে আটাইকেইটা স্থানত উদ্ধাৰ হোৱা ধনৰ গণনা শেষ হৈছে যদিও ঝাৰখণ্ডৰ ৰাঁচীত থকা চাহুৰ ঘৰত উদ্ধাৰ হোৱা ধনৰ গণনা এতিয়াও অব্যাহত আছে।

Dheeraj Sahu : "लोक एवढा काळा पैसा कुठून जमा करतात?"; 351 कोटी सापडलेल्या  धीरज साहूंचं 'ते' ट्विट व्हायरल - Marathi News | dhiraj prasad sahu  congress rajya sabha mp 351 crore cash

এতিয়ালৈকে আয়কৰ বিভাগে উদ্ধাৰ কৰিছে ৩৫৩.৫ কোটি নগদ ধন। যিহেতু ৰাঁচীৰ ঘৰত এতিয়াও ধনৰ গণনা চলি আছে গতিকে এই সংখ্যা যে আৰু অধিক বৃদ্ধি পাব সেয়া নিশ্চিত।

স্থানীয় বেংকৰ মতে ৫০ জনকৈ অধিক ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰীয়ে ২৫ টাতকৈ অধিক টকা গণনা কৰা যন্ত্ৰৰে উদ্ধাৰহোৱা নোটবোৰ গণনা কৰিছে। নোটৰ পাহৰ দেখি আয়কৰ বিভাগৰ লোকসকলো আচৰিত হৈ পৰিছে। ইয়াৰ পূৰ্বে ২০১৯ ত কানপুৰত এইদৰে পৰ্বতসম নগদ ধন উদ্ধাৰ কৰা হৈছিল।

কামপুৰত জব্দ কৰা হৈছিল ২৫৭ কোটি টকা। কিন্তু এইবাৰ চাহুৰ ঘৰত উদ্ধাৰ হোৱা টকাৰ পৰিমাণ তাতকৈ বহুগুনে বেছি।

অৱশ্যে আয়কৰ বিভাগে এতিয়ালৈকে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি জাৰি কৰা নাই। বিভাগে অভিযান সম্পূৰ্ণ কৰাৰ পাছতে আনুষ্ঠানিক বিবৃতি জাৰি কৰিব।

Leave A Reply

Your email address will not be published.