সোমবাৰ পৰ্যন্ত স্থগিত থাকিব সাংসদ: ১৪ সাংসদৰ নিলম্বনৰ বিৰোধিতাৰে উত্তাল সদন

0 375

১৩ ডিচেম্বৰ, ২০২৩ বুধবাৰে লোকসভাত চলা স্ম’ক বোমা আক্ৰমণৰ ঘটনাৰ পাছৰে পৰা উত্তপ্ত হৈ আছে সংসদ। শীতকালীন অধিৱেশনৰ মাজতে সংঘটিত হোৱা এই ঘটনাৰ পাছতে সংসদৰ নিৰাপত্তা সুনিশ্চিত কৰিব নোৱাৰা গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগ আৰু প্ৰধানমন্ত্ৰীৰ বিবৃতিৰ দাবীৰে দুয়োখন সদন উত্তাল কৰি ৰাখিছে বিৰোধীয়ে।

শুকুৰবাৰেও দুয়োখন সদনত বিৰোধী সাংসদসকলে বিক্ষোভ প্ৰদৰ্শন কৰাৰ ফলত সদনৰ কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰাত ব্যাঘাত হয়। ফলত সোমবাৰে পৰ্যন্ত দুয়োখন সদন স্থগিত ৰখা হয়।

উল্লেখ্য যে, স্ম’ক বোমা কাণ্ড সংঘটিত হোৱাৰ পাছৰ দিনা অৰ্থাৎ বৃহস্পতিবাৰে সদনত উত্তপ্ত পৰিস্থিতিৰ সূচনা কৰাৰ লগতে উশৃংখল আচৰণৰ বাবে ১৪ জনকৈ সাংসদক নিলম্বন কৰা হৈছিল। ইয়াৰে ১৩ জন লোকসভাৰ আৰু ১ জন ৰাজ্য সভাৰ সাংসদ।

শুকুৰবাৰে এই নিলম্বিত সাংসদসকলে সদনৰ বাহিৰত গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বহি প্ৰতিবাদ সাব্যস্ত কৰে। ইণ্ডিয়াগোটৰ যিসকল সাংসদ সদনৰ মজিয়াত উপস্থিত আছিল তেওঁলোকে স্ম’ক বোমা ঘটনাৰ বাবে প্ৰধানমন্ত্ৰীৰ বিবৃতি দাবী কৰাৰ লগতে সংসদৰ নিৰাপত্তাক লৈ আলোচনাও দাবী কৰে।

সমান্তৰালকৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবীৰে ১৪ জনকৈ সাংসদৰ নিলম্বনৰ বিৰোধিতাৰে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। এনে পৰিস্থিতিত বাৰম্বাৰ উভয় সংসদ স্থগিত ৰখা হয় যদিও পৰিস্থিতি শান্ত নোহোৱাত সোমবাৰ পৰ্যন্ত সংসদ স্থগিত ৰাখিবলৈ বাধ্য হয়।

media school
Leave A Reply

Your email address will not be published.