ভংগ হ’ব পাৰে টি-২০ বিশ্বকাপ খেলাৰ সপোন! কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন শুভমন গীল

0 9,742

২০২৪ চনৰ জুনত আছে টি-২০ বিশ্বকাপ। বিশ্বকাপৰ পূৰ্বে ৰোহিত শৰ্মা টি-২০ দললৈ ওভতাৰ এক সম্ভাৱনা আছে। ফলত ৰোহিতৰ সৈতে টি-২০ বিশ্বকাপত কোনে অপেনিং কৰিব সেই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ডাঙৰ সমস্যাত পৰিব নিৰ্বাচক।

তাৰ মাজতে চৰ্চা চলিছে ভংগ হ’ব পাৰে টি-২০ বিশ্বকাপ খেলাৰ সপোনকিয়নো টি-২০ ক্ৰিকেটত শুভমন গীলৰ স্থান বিপদত পৰিব পাৰে। সদ্যসমাপ্ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ ছিৰিজত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে অপেনাৰ শুভমন গীলে। প্ৰথম মেচ বৰষুণৰ বাবে বিঘ্নিত হ’লেও পিছৰ দুখন খেলত শূন্য আৰু ৮ ৰান কৰিছে শুভমন গীলে।

ৰোহিত শৰ্মা যদি টি-২০ দললৈ ওভতে তেন্তে গীলে নিজৰ স্থান হেৰুৱাব পাৰে। গীলে ইতিমধ্যেই ঋতুৰাজ কায়কোৱাড় আৰু যশস্বী জয়ছোৱালৰ সৈতে কঠিন প্ৰতিদ্বন্দ্বিতাত পৰিবলগীয়া হৈছে। তালিকাত আছে ঈশান কিষাণো।

ৰোহিত অহাৰ লগে লগে গীল যদি দুৰ্বল প্ৰদৰ্শনৰ পৰা ওলাই আহিব নোৱাৰে তেন্তে গীলৰ পৰিৱৰ্তে ভৱিষ্যতে আন কাৰোবাক লোৱা হ’ব পাৰে। কিন্তু ক্ৰিকেট বিশেষজ্ঞসকলৰ একাংশই ধাৰণা কৰিছে যে গীলে পুনৰ সুযোগ পাব।

media school
Leave A Reply

Your email address will not be published.