নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পুঁজিৰ অভাৱ কংগ্ৰেছৰ,বৰঙণি বিচাৰি দেশবাসীলৈ অনুৰোধ কোষাধ্যক্ষ অজয় মাকেনৰ

0 250

২০২৪ চনৰ লোকসভা নিৰ্বাচন সমাগত। নিৰ্বাচনৰ পূৰ্বে দেশবাসীৰ ওচৰত বৰঙণি বিচাৰিছে কংগ্ৰেছে। কিয়নো

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পুঁজিৰ অভাৱ হৈছে কংগ্ৰেছৰ।নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এতিয়া পুঁজিৰ অভাৱ হৈছে কংগ্ৰেছৰ। পৰিপ্ৰেক্ষিতত দলটোক আৰ্থিক বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰাৰ বাবে কংগ্ৰেছে দেশবাসীৰ ওচৰত বৰঙণি বিচৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই উদ্দেশ্য আগত ৰাখি ‘দেশৰ বাবে বৰঙণি’ শীৰ্ষক এক নতুন কৰ্মসূচী আৰম্ভ কৰিছে কংগ্ৰেছে। শনিবাৰে আয়োজিত এক সংবাদমেলত দলটোৰ কোষাধ্যক্ষ অজয় মাকেনে এই কথা জানিবলৈ দিয়ে। দেশবাসীয়ে ন্যূনতম বৰঙণি হিচাপে ১৩৮ টকা দলটোৰ সাহাৰ্য পুঁজিলৈ আগবঢ়াব পাৰিব বুলি সংবাদমেলত উল্লেখ কৰে কোষাধ্যক্ষ অজয় মাকেনে।

উল্লেখযোগ্য যে অহা ২৮ ডিচেম্বৰত কংগ্ৰেছে ১৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰিব। সেয়েহে ন্যূনতম বৰঙণি হিচাপে ১৩৮ টকা ধাৰ্য্য কৰা হৈছে। মহামানৱ মহাত্মা গান্ধীৰ ‘তিলক স্বৰাজ ফাণ্ড’ৰ আৰ্হিত ‘দেশৰ বাবে বৰঙণি’ শীৰ্ষক কাৰ্যসূচীৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

media school
Leave A Reply

Your email address will not be published.