প্ৰচণ্ড শীতৰ মাজতে মুষলধাৰ বৰষুণ, কেইবাখনো চহৰত এবুকু পৰ্যন্ত পানী, IMDয়ে জাৰি কৰিলে সতৰ্কবাণী

0 19,549

তামিলনাডুৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ ফলত চৰকাৰে কেইবাখনো জিলাত বন্ধ ঘোষণা কৰিছে। সোমবাৰে তামিলনাডুৰ তিৰুনেলভেলি, থুথুকুডি, কন্যাকুমাৰী আৰু টেংকাচী এই ৪খন জিলাৰ সকলো বিদ্যালয়, মহাবিদ্যালয়, ব্যক্তিগত প্ৰতিষ্ঠান, বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ বোৰ বন্ধ ঘোষণা কৰে। কোভিলপট্টি অঞ্চলত ৪০টা হ্ৰদ বিপদ সীমা অতিক্ৰম কৰিছে

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজি ৰাজ্যখনৰ বিভিন্ন জিলাত পুনৰ বৰষুণ হোৱাৰ সম্ভাৱণা আছে। ১৯ ডিচেম্বৰতো ৰাজ্যখনৰ বিভিন্ন জিলাত ধাৰাসাৰ বৰষুণৰ সম্ভাৱণা আছে।

তামিলনাডু চৰকাৰে মানুহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। তামিলনাডুৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেকেএছএছআৰ ৰামচন্দ্ৰনে কয় যে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে, সুৰক্ষা নিশ্চি কৰিবলৈ কেইবাজনো বিষয়াকো নিযুক্তি দিয়া হৈছে।

media school
Leave A Reply

Your email address will not be published.