ৰাজনীতিলৈ আনন্দ,খাকী পোচাক এৰি এইবাৰ গেৰুৱা বসন পিন্ধিব IPS আনন্দ মিশ্ৰাই

0 1,912

অৱসৰ বিচাৰিছে IPS আনন্দ মিশ্ৰই। ব্যক্তিগত আৰু সামাজিক কামৰ বাবে অব্যাহতি লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে বিষয়াগৰাকীয়ে।

লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্বত থকা আনন্দ মিশ্ৰই ১৮ ডিচেম্বৰতে এক পত্ৰ জৰিয়তে পদত্যাগৰ কথা অৱগত কৰিছে ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক।

২০১১ ৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ আনন্দ মিশ্ৰই ভাৰতীয় আৰক্ষী সেৱাৰ পৰা চৰ্তহীন পদত্যাগৰ কথা উল্লেখ কৰি পত্ৰত লিখিছে, স্বাধীন জীৱন আৰু স্বাধীনভাৱে বিভিন্ন সামাজিক আৰু অন্যান্য কাম-কাজ কৰি যোৱাৰ আগ্ৰহেৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

লগতে তেওঁ এই পদত্যাগ পত্ৰ গ্ৰহণ কৰি ভাৰতীয় আৰক্ষী সেৱাৰ দায়িত্বৰ পৰা তেওঁক অব্যাহতি দিবলৈ আৰু চাকৰি জীৱনত অৰ্জন কৰা সকলো আৰ্থিক প্ৰাপ্যৰ কাম-কাজো শীঘ্ৰে সমাপণ কৰিবলৈও আহ্বান জনাইছে। অৱশ্যে তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে নে নাই সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।

নগাঁও জিলাত নিযুক্তি হোৱাৰ পিছতেই জিলাখনত অপৰাধ নিয়ন্ত্ৰণৰ বাবে আনন্দ মিশ্ৰঈ যথেষ্ঠ ভূমিকা পালন কৰিছিল যাৰ ফলস্বৰুপে তেওঁৰ জিলাখনত অপৰাধৰ সংখ্যা হ্ৰাস পাইছিল। নগাঁৱত তেঁও ড্ৰাগছ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছিল।

ইয়াৰ পিছতে তেওঁ লক্ষীমপুৰ জিলালৈ বদলি হয়। লক্ষীমপুৰত নিযুক্তি হোৱাৰ পিছতে তেওঁ অভিযান চলায় নকল টকা আৰু নকল সোণৰ বিৰূদ্ধে।

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত মণিপুৰ কাণ্ডৰ তদন্তৰ বাবে গঠন হোৱা এছ আই টিৰো দায়িত্ব লাভ কৰিছিল মিশ্ৰই।

পদত্যাগ পিছত বিহাৰত ৰাজনীতিত যোগদান কৰিবলৈ মন মিলিছে বিষয়াগৰকীয়ে।

media school
Leave A Reply

Your email address will not be published.