দুর্ভাগ্যজনক খবৰ!ক’ৰোনাত আক্রান্ত কুমাৰ ছানু

0 667

এজনৰ পাছত আনজন ছেলিব্ৰিটি আক্ৰান্ত হৈছে ক’ৰোনাত। এইবাৰ ক’ৰোনাত আক্ৰান্ত বলীউডৰ প্ৰৱীণ গায়ক কুমাৰ ছানু। বৃহস্পতিবাৰে নিশা ফেছবুক পেজৰ যোগেদি তেওঁৰ টীমে জনালে এই কথা।বিগত কেইবাদিন ধৰি জ্বৰত ভুগি আছিল কণ্ঠশিল্পীগৰাকী । ক’ৰোনা পৰীক্ষা কৰাৰ পাছতেই তেওঁৰ ৰিপোর্ট পজিটিভ আহে। অৱশ্যে এই পৰ্যন্ত তেওঁ নিজৰ বাসগৃহতে আছে নে হাস্পতালত ভৰ্তি হৈছে সেই বিষয়ে জানিব পৰা হোৱা নাই। ফেছবুকত তেওঁৰ অফিছিয়েল পেজত লিখা হৈছে, “দুর্ভাগ্যজনক খবৰ! সকলোৰে প্রিয় ছানুদা ক’ৰোনাত আক্রান্ত হৈছে। তেওঁৰ দ্রুত আৰোগ্যৰ বাবে সকলোৱে প্রার্থনা কৰক।”

media school
Leave A Reply

Your email address will not be published.