গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ঈশ্বৰৰ শৰণাপন্ন হ’ল আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামী।

0 365

গৰাখহনীয়া হৈছে মাজুলীৰ এক ডাঙৰ সমস্যা । দৈনিক শ শ ভুমি জাহ গৈছে লুইতৰ বুকুত। চৰকাৰৰ ওচৰত সমাধান বিচাৰি একো ফলাফল নোপোৱা মাজুলীৰ নৈপৰীয়া ৰাইজে অৱশেষত শৰণাপন্ন হৈছে ঈশ্বৰৰ ওচৰত । 

ব্ৰহ্মপুত্ৰক সন্তুষ্ট  কৰিবলৈ নদীৰ পাৰত বুঢ়া লুইতৰ বুকুত ভোগ দান কৰিলে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে।

আধ্যাত্মিক নীতি নিয়মেৰে শংখ ,দবা,কাঁহ বজাই আশীষ বিচাৰিলে ৰাইজে। অঞ্চলটোত ভয়াৱহভাৱে গৰাখহনীয়া অব্যাহত আছে যদিও ব্ৰহ্মপুত্ৰ বৰ্ড আৰু টিকে কোম্পানী নামৰ প্ৰতিষ্ঠানটোৱে খহনীয়া প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱা নাই ।

media school
Leave A Reply

Your email address will not be published.