কোহলীয়ে ভংগ কৰিলে ধোনীৰ ৰেকৰ্ড

0 230

ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত এডিলেইডত চলি থকা ছিৰিজৰ প্ৰথমখন টেষ্টৰ আৰম্ভণিতে ৬উইকেটৰ পতন ঘটে যদিও ভাৰতে প্রথম ইনিংছত সংগ্রহ কৰে ২৩৩ ৰান ।

ভাৰতৰ বাবে আৰম্ভণি যাত্ৰা সুচল নাছিল কিয়নো দ্বিতীয়টো বলতে পৃথ্বী শ্ব আৰু দলীয় স্ক’ৰ ৩২ ৰানত আনগৰাকী অ’পেনাৰ মায়ংক আগৰৱাল (১৭) আউট হৈছিল।

প্রথমে চেতেশ্বৰ পূজাৰাৰ (৪৩) সৈতে ৬৮ ৰান আৰু পাছত আজিংক্য ৰাহানেৰে (৪২) সৈতে আন এক ৮৮ ৰানৰ যুটি বান্ধে।ৰাহানেৰ সৈতে হোৱা ভুল বুজাবুজিৰ বাবে কোহলী ৰানআউট হয়।অধিনায়ক হিচাপে কোহলী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট মেচত সৰ্বাধিক ৰান বনোৱা বেটছমেন হিচাপে পৰিগণিত হয়।

কোহলীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্তমানলৈ সৰ্বাধিক ৮৫১ ৰান সংগ্ৰহ কৰিছে। আনহাতে পটৌডিয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১০ খন মেচত ৮২৯ ৰান কৰিবলৈ সক্ষম হয় ।

media school
Leave A Reply

Your email address will not be published.