আজিৰে পৰা আফগানিস্তানৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা, মেচত অংশ নলয় বিৰাট কোহলিয়ে

0 1,229

আজি নতুন বছৰত প্ৰথমবাৰৰ বাবে টীম ইণ্ডিয়াই ঘৰুৱা খেলপথাৰত অৱতৰণ কৰিব। সন্মুখত আফগানিস্তান। আজি মোহালিৰ আই এছ বিন্দ্ৰা ষ্টেডিয়ামত ভাৰত আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া তিনিখন খেলৰ টি-২০ শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত হ’ব। সন্ধিয়া ৭ বজাৰ লগে লগে অনুষ্ঠিত হব খেলখন।

অৱশ্যে, প্ৰথম টি-২০ত ভাৰতৰ ৰান মেচিন বিৰাট কোহলী আৰু আফগানিস্তানৰ মুখ্য বোলাৰ ৰছিদ খান উপলব্ধ নাথাকিব। বিৰাট দ্বিতীয়খন টি-২০ৰ পৰা টীম ইণ্ডিয়াৰ অংশ হ’ব। ৰছিদ গোটেই টি -২০ শৃংখলাৰ বাহিৰত আছে।

২০২৪ চনৰ টি-২০ বিশ্বকাপৰ পূৰ্বে এইটো ভাৰতৰ অন্তিম টি-২০ শৃংখলা। অধিনায়ক ৰোহিত শৰ্মাই দীৰ্ঘদিনৰ পিছত t-২০ ফৰ্মেটলৈ উভতি আহিছে। তেওঁ শেষবাৰৰ বাবে ২০২২ চনৰ টি-২০ বিশ্বকাপত টি-২০ খেলিছিল।

ভাৰতৰ সম্ভাব্য playing11: ৰোহিত শৰ্মা (অধিনায়ক), যশস্বী জয়ছোৱাল, শুভমান গিল, তিলক বৰ্মা, ৰিংকু সিং, সঞ্জু চেমচন / জিতেশ শৰ্মা (উইকেটকিপাৰ), অক্ষৰ পেটেল, অৰ্শদীপ সিং, আবেশ খান, কুলদীপ যাদৱ / ৰবি বিষ্ণোই আৰু মুকেশ কুমাৰ।

আফগানিস্তানৰ সম্ভাব্য playing11: হজৰতুল্লাহ জাজাই, ৰহমানুল্লাহ গুৰবাজ (ৱিকে), ইব্ৰাহিম জাদৰান (গ), নাজিবুল্লাজাদন, মহম্মদ নবী, আজমতুল্লাহ উমাৰজাই, মুজিব উৰ ৰহমান, কাইছ আহমেদ, নুৰ আহমেদ, নবীন-উল-হক আৰু ফজলহক ফাৰুকী

Leave A Reply

Your email address will not be published.