অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদ-বদল,কোনে পালে কি দ্বায়িত্ব,পঢ়িবলৈ চাওক—

0 347

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত বৃহৎ ৰদবদল কৰিছে গৃহ বিভাগে।

অসম চৰকাৰৰ গৃহ বিভাগে জাৰি কৰা এক জাননী অনুসৰি বিশেষ শাখাৰ আৰক্ষী মহাপৰিদৰ্শক (আই জি পি) হিৰেন নাথক বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানলৈ পদোন্নতি দিয়া হয়।

আনহাতে,বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাক চি আই ডিৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানলৈ বদলি কৰা হয়।অৱশ্যে মুন্না প্ৰসাদ গুপ্তাই গুৱাহাটী মহানগৰ আৰক্ষীৰ কমিছনাৰ হিচাপেও দায়িত্ব অব্যাহত ৰাখিব।

ইপিনে, নতুন দিল্লীৰ ইণ্টালিজেনছ ব্যুৰোত কৰ্মৰত বিনীতা শৰ্মাক এ ডি জি পিলৈ পদোন্নতি দিয়া হয়।আনহাতে, বি এছ এফ বিৰ মুখ্য কাৰ্য্যালয়ৰ আৰু এ চি বি, চি বি আই কলকাতাৰ ডেপুটি আই জি পি আৰু অখিলেখ সিঙক আই জি পি পদলৈ পদোন্নতি দিয়া হয়।ডেপুটি আই জি পি অভিজিত বৰাকো গুৱাহাটীৰ আই জি পিলৈ বদলি কৰা হয়।

media school
Leave A Reply

Your email address will not be published.