ICC টেষ্ট ৰেংকিঙৰ শীৰ্ষত অধিষ্ঠিত হ’ল নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছন

0 227

 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ(আই চি চি)এ প্ৰকাশ কৰা শেহতীয়া বেটছমেনৰ ৰেংকিং তালিকাত নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয়।

টেষ্ট ক্ৰিকেটত বিৰাট কোহলী আৰু ষ্টিভ স্মিথক চেৰ পেলাই শীৰ্ষত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় কেন উইলিয়ামচনে ।

ইয়াৰ পূৰ্বে এই তালিকাত যুটীয়াভাৱে কোহলী আৰু উইলিয়ামছন বেটছমেনৰ ৰেংকিঙত শীৰ্ষস্থানত আছিল।
পূৰ্বৰ তালিকা অনুসৰি ভাৰতৰ অধিনায়ক বিৰাট কোহলী দ্বিতীয় আৰু অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ তৃতীয় স্থানত আছিল ।

পাকিস্তান বিৰুদ্ধে প্ৰথমখন টেষ্টত নিউজিলেণ্ডৰ অধিনায়ক কেন উলিয়ামচনে বছৰৰ অন্তিমখন টেষ্ট ক্ৰিকেটত শতক অৰ্জন কৰি ৰেংকিঙৰ শীৰ্ষ স্থান দখল কৰে ।

আই চি চিয়ে জাৰি কৰা বেটছমেনৰ শেহতীয়া ৰেংকিঙৰ তালিকাখন তলত দিয়া হ’ল

১. নিউজিলেণ্ডৰ কেন উইলিয়ামছন (৮৯০ পইণ্ট)

২. ভাৰতৰ বিৰাট কোহলী (৮৭৯ পইণ্ট)

৩. অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ (৮৭৭ পইণ্ট)

৪. অষ্ট্ৰেলিয়াৰ মাৰ্নছ লেবুচানে (৮৫০ পইণ্ট)

৫. পাৰিস্তানৰ বাবৰ আজম (৭৮৯ পইণ্ট)

৬. ভাৰতৰ অজিংক ৰাহানে (৭৮৪ পইণ্ট)

৭. অষ্ট্ৰেলিয়াৰ ডেভিড ৱাৰ্ণাৰ (৭৭৭ পইণ্ট)

৮. ইংলেণ্ডৰ বেন ষ্টোকছ (৭৬০ পইণ্ট)

৯. ইংলেণ্ডৰ জ’ ৰুট (৭৩৮ পইণ্ট)

১০. ভাৰতৰ চেতেশ্বৰ পুজাৰা (৭২৮ পইণ্ট

Leave A Reply

Your email address will not be published.