নিৰ্মাণ কৰা হৈছে কাঠৰ উপগ্ৰহ! ২০২৩ ত উৎক্ষেপণৰ পৰিকল্পনা
বিশ্বত প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা হ’ব কাঠৰ উপগ্ৰহ। এই অভিনৱ চিন্তা কৰিছে জাপানে। জাপানৰ কীয়টো বিশ্ববিদ্যালয় আৰু এক কোম্পানীৰ সৈতে এই উপগ্ৰহ নিৰ্মাণৰ বাবে এক চুক্তি স্বাক্ষৰ কৰিছে ।
কীয়টো বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা জ্যোতিৰ্বিজ্ঞানী টাকাও দৈ এ সংবাদ মাধ্যমৰ আগত কয় যে ধাতুৰে নিৰ্মিত উপগ্ৰহতকৈ কাঠেৰে নিৰ্মিত উপগ্ৰহ বেছি সুবিধাজনক হ’ব। পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰাৰ পিছত ঘূৰি আঁহোতে জ্বলি যাব আৰু সকলো ছাই হৈ যাব। ধাতুৰে নিৰ্মিত উপগ্ৰহৰ পৰা ওলোৱা বিভিন্ন অংশৰ দৰে ইয়াৰ পৰা তেনে কোনো পদাৰ্থ নিৰ্গত নহ’ব।
Center for Space Standards and Innovation ৰ সঞ্চালক প্ৰধান ডেনিয়েল অল্ট্ৰজে কয়- ‘উপগ্ৰহ অথবা যানৰ ভগ্নাৱশেষ দিনক দিনে চিন্তাৰ বিষয় হৈ পৰিছে। দুখন যানৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ১-১০ মেট্ৰিক টন ভগ্নাৱশেষৰ সৃষ্টি হয়। যি সমূহ পৰিৱেশৰ বাবে অতিকে ভয়ংকৰ।’