শোচনীয় ইউক্ৰেইনৰ আৰ্থিক ব্যৱস্থা, অৰ্থনীতি শক্তিশালী কৰিবলৈ ভাৰতৰ পৰা সহায় লাগে যুদ্ধবিধ্বস্ত ইউক্ৰেইনক

0 108

এতিয়াও স্তব্ধ হোৱা নাই ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ। যুদ্ধৰ ফলত শোচনীয় হৈ পৰিছে ইউক্ৰেইনৰ অৰ্থনৈতিক ব্যৱস্থা। অৰ্থনীতি শক্তিশালী কৰাৰ বাবে এতিয়া ভাৰতৰ পৰা সহায় বিচাৰিছে যুদ্ধবিধ্বস্ত দেশ ইউক্ৰেইনে।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ৭৫ সংখ্যক গণৰাজ্য দিৱসত অভিনন্দন জনোৱাৰ সময়ত ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰী ডেনিছ শ্বমীহালে তেওঁক ‘গ্লোবেল লিডাৰ’ বুলি অভিহিত কৰে।

ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰী ডেনিছে এক সাক্ষাৎকাৰত শিক্ষাৰ্থীসকলক পুনৰ ইউক্ৰেইনলৈ পঠিয়াবলৈ আৰু পূৰ্বৰ দৰে বাণিজ্যিক সম্পৰ্ক পুনৰুদ্ধাৰৰ দিশত পদক্ষেপ গ্ৰহণ কৰি দেশৰ অৰ্থনীতি শক্তিশালী কৰাত সহায় কৰিবলৈ ভাৰতক আহ্বান জনাইছে।

ডেনিছ শ্বমীহালে ভাৰতক ইউক্ৰেইনৰ সৰ্ববৃহৎ অৰ্থনৈতিক অংশীদাৰ বুলি অভিহিত কৰিছে। তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক ইউক্ৰেইনক সহায় কৰাৰ লগতে মানৱীয় সাহায্য প্ৰদানৰ বাবেও প্ৰশংসা কৰে।

তেওঁ প্ৰধানমন্ত্ৰী মোদীক অনুৰোধ জনাইছে যে ভাৰত আৰু ইউক্ৰেইনৰ মাজত পূৰ্বৰ দৰে বাণিজ্যক সম্পৰ্ক স্থাপন কৰক যাতে ইউক্ৰেইনৰ অৰ্থনীতি পুনৰুজ্জীৱিত হ’ব পাৰে।

২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আৰম্ভ হৈছিল সংঘাত। দুয়োখন দেশৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা যুদ্ধৰ বাবেই ইউক্ৰেইনৰ অৰ্থনীতি যথেষ্ট ক্ষতিগ্ৰস্ত হৈ পৰিছে। এই যুদ্ধৰ বাবে ইউক্ৰেইনৰ অৰ্থনীতিৰ প্ৰায় ৩০ শতাংশ ক্ষতিগ্ৰস্ত হৈছে। যোৱা ৩০ বছৰত ইউক্ৰেইনৰ বাবে এইটোৱেই হৈছে আটাইতকৈ ডাঙৰ অৰ্থনৈতিক অৱনতি।

Leave A Reply

Your email address will not be published.