“কণী অথবা কুকুৰাৰ মাংস খোৱাত নাই কোনো বাধা”-বিশ্ব স্বাস্থ্য সংস্থা

0 1,218

নিউজ ডেস্ক:-  দেশজুৰি বাৰ্ড ফ্লুৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পাছতেই কণী অথবা কুকুৰাৰ মাংস খোৱাক লৈ সৃষ্টি হৈছে এক প্ৰকাৰ বিভ্ৰান্তিৰ। তাৰ মাজতেতএই বিষয়টোৰ সন্দৰ্ভতত WHO এ প্ৰদান কৰিছে এক গুৰুত্বপূৰ্ণ মন্তব্য। বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰা অনুসৰি এক নিৰ্দিষ্ট উষ্ণতাত খাদ্য ৰন্ধাৰ পাছতেই ধ্বংস হৈ যায় এইসমূহ ভাইৰাছ। সেয়েহে কণী অথবা কুকুৰাৰ মাংস খোৱাক লৈ চিন্তিত নহ’বলৈ আহ্বান বিশ্ব স্বাস্থ্য সংস্থাৰ।

সংগ্ৰহ-ইণ্টাৰনেট

উল্লেখ্য যে দেশৰ পাঁচখন ৰাজ্যত সমান্তৰালভাৱে বাৰ্ড ফ্লুৰ সংক্ৰমণ ধৰা পৰাৰ পাছতেই শংকিত হৈ পৰিছে সমগ্ৰ দেশবাসী। ৰাজস্থান, মধ্যপ্ৰদেশ, গুজৰাট, হিমাচল প্ৰদেশ আৰু কেৰালাত হাজাৰ হাজাৰ পক্ষীৰ মৃত্যুৱে চিন্তিত কৰি তুলিছে সৰ্বসাধাৰণক।

ইতিমধ্যে সকলো ৰাজ্যকেই বাৰ্ড ফ্লুৰ সংক্ৰমণ ৰোধৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিছে কেন্দ্ৰীয় চৰকাৰে। শেহতীয়াকৈ দেশত মৃত্যু হোৱা লক্ষাধিক পক্ষীৰ শৰীৰত বাৰ্ড ফ্লুৰ লগতে ধৰা পৰিছে H5N1 ভাইৰাছৰ অৱস্থিতি।

media school
Leave A Reply

Your email address will not be published.