পুনৰ নিষেধাজ্ঞা!পুনৰ আদালতৰ মজিয়া পালে আঁহতগুৰিৰ ম’হযুঁজ আৰু হাজোৰ বুলবুলি চৰাইৰ যুঁজ 

0 239

পুনৰ আদালতৰ মজিয়া পালে আঁহতগুৰিৰ ম’হযুঁজ আৰু হাজোৰ বুলবুলি চৰাইৰ যুঁজৰ প্ৰসংগই। ম’হ যুঁজক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। বন্ধ হ’ব ৰাজ্যত অনুষ্ঠিত হৈ থকা একাধিক ম’হযুঁজ। ৰাজ্যত অনুষ্ঠিত অকৰ্তৃত্বশীল ম’হ যুঁজ বন্ধৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

২৫ জানুৱাৰীৰ পিছত ৰাজ্যত অনুষ্ঠিত সকলো ম’হ যুঁজক বে-আইনী ঘোষণা উচ্চ ন্যায়ালয়ৰ। চৰকাৰে জাৰি কৰা নিয়ম ভংগ কৰি ২৫ জানুৱাৰীৰ পিছত অনুষ্ঠিত হৈছে একাধি ম’হ যুঁজ। ২৫ জানুৱাৰীৰ পিছত অনুষ্ঠিত কৰিব নোৱাৰিব কোনোধৰণ ম’হ যুঁজ।

এনেধৰণ ম’হযুঁজ বন্ধ কৰিবলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ। ন্যায়াধীশ মনীষ চৌধুৰীৰ আদালতে প্ৰদান কৰে এই ৰায়দান। লগতে নগাঁও জিলা প্ৰশাসনক অধিক কঠোৰ হোৱাৰ নিৰ্দেশ আদালতৰ। ৬ ফেব্ৰুৱাৰী ভিতৰত চৰকাৰৰ ব্যৱস্থা সন্দৰ্ভত উত্তৰ বিচাৰিলে আদালতে।

IN PICTURES: A up-close view of Assam's buffalo fights - Rediff.com

উল্লেখ্য যে ম’হ যুঁজ-বুলবুলি যুঁজৰ বিৰোধীতাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল People for the Ethical Treatment of Animals, INDIA চমুকৈ PETA India নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে। বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিছিল PETA INDIAৰ আৱেদন আৰু আজি অনুষ্ঠিত হোৱা শুনানিত এই ৰায়দান প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

Leave A Reply

Your email address will not be published.