আজি ৭৩ সংখ্যক ভাৰতীয় সেনা দিৱস

0 280

প্ৰতি বছৰে ১৫ জানুৱাৰী ভাৰতীয় সেনা দিৱস হিচাপে পালন কৰা হয়। ১৯৪৯ চনৰ ১৫ জানুৱাৰীত ভাৰতীয় সেনাৰ প্ৰথম কমাণ্ডাৰ ইন চীফ কন্দনডেৰা এম. কাৰীয়াপ্পায়ে অন্তিম ব্ৰিটিছ কমাণ্ডাৰ ইন চীফ জেনেৰেল ছাৰ ফ্ৰান্সিছ বুটচাৰৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিছিল। পিছলৈ তেওঁ ভাৰতৰ ফিল্ড মাৰ্শ্বেল পদলৈ উন্নীত হৈছিল। কে. এম. কাৰীয়াপ্পা ১৯৪২ চনত ইউনিত এটাক কমাণ্ড দিবলৈ যোগ্য বুলি বিবেচিত হোৱা প্ৰথমজন ভাৰতীয় সেনাৰ বিষয়া আছিল।

এই দিৱসত বিভিন্ন সেনাৰ কাৰ্য্যালয়ৰ লগতে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত বিভিন্ন অনুষ্ঠান আৰু পেৰেড অনুষ্ঠিত কৰি উদযাপন কৰা হয়।

সেনা দিৱস কেন্দ্ৰীয় ভাৱে দিল্লীৰ ইণ্ডিয়া গেটৰ কাষত থকা অমৰ জোৱান জ্যোতিত উদ্‌যাপন কৰা হয়। এই দিৱস দেশৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়া সকলো ছহিদ সেনা সকললৈ শ্ৰদ্ধা নিবেদন কৰিবলৈ অনুষ্ঠিত কৰা হয়।

media school
Leave A Reply

Your email address will not be published.