শিৱৰাত্ৰিত হ’ব বিশ্ব ৰেকৰ্ড,অযোধ্যাৰ ৰেকৰ্ড ভংগ কৰিব উজ্জয়নীয়ে !

0 2,946

১ মাৰ্চত বিশ্ববাসীয়ে পালন কৰিব মহাশিৱৰাত্ৰি ।মহাশিৱৰাত্ৰিৰ দিনা প্ৰজ্বলিত হ’ব ২১ লাখ বন্তি । মহাকালৰ নগৰী উজ্জয়নীত ২১ লাখ বন্তি প্ৰজ্বলিত কৰি গঢ়া হ’ব বিশ্ব ৰেকৰ্ড । মহাশিৱৰাত্ৰিৰ পবিত্ৰ দিনটোত ন কইনাৰ দৰে সজাই পৰাই তোলা হ’ব উজ্জয়নী চহৰখনক । দিপাৱলীৰ দৰে লাখ লাখ চাকিৰে উজ্জ্বল হৈ পৰিব উজ্জয়নী ।

মধ্যপ্ৰদেশৰ শিক্ষামন্ত্ৰী ড° মোহন যাদৱে সদৰি কৰিছে যে কাইলৈ উজ্জয়নীত আয়োজন কৰা হ’ব ‘ শিৱ জ্যোতি অৰ্পণম ‘ মহোৎসৱ।ক্ষিপ্ৰা নদীৰ ঘাটত থকা মন্দিৰ আৰু প্ৰত্যেক মানুহৰ ঘৰে ঘৰে জ্বলোৱা হ’ব লাখ লাখ চাকি । মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ আহ্বান মৰ্মে এই কাৰ্য্যসূচী আয়োজন কৰা হৈছে ।শিৱৰাত্ৰীৰ দিনা ক্ষীপ্ৰা নদীৰ ঘাটত ১৩ লাখ আৰু মহাকাল মন্দিৰৰ প্ৰাংগণত ৫১ হাজাৰ দ্বীপ প্ৰজ্বলিত কৰা হ’ব । ইয়াৰ উপৰিও মঙ্গলনাথ মন্দিৰ, কাল ভৈৰৱ মন্দিৰ, গঢ় কালিকা, সিদ্ধবট , হৰসিদ্ধি মন্দিৰ সকলো স্থানতেই কৰা হ’ব বন্তি প্ৰজ্বলন ।

উজ্জয়নীৰ নাগৰিকেও নিজ নিজ বাসগৃহত জ্বলাব পাঁচোটাকৈ চাকি ।ইতিমধ্যেই ‘ শিৱ জ্যোতি অৰ্পণম ‘ মহোৎসৱত প্ৰায় ১৭ হাজাৰ স্বয়ংসেৱা কেন্দ্ৰই কৰিছে ৰেজিচষ্ট্ৰেচন ।মধ্যপ্ৰদেশ চৰকাৰে এই আয়োজনৰ দ্বাৰা বিশ্ব ৰেকৰ্ড গঢ়াৰ যো-জা চলাইছে । কিয়নো বিগত বছৰত অযোধ্যাত ৯.৪১ লাখ দ্বীপ প্ৰজ্বলিত কৰা হৈছিল সেইবাবে মধ্যপ্ৰদেশ চৰকাৰে অযোধ্যাৰ ৰেকৰ্ড ভংগ কৰাৰ লক্ষ্য আগত ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

Leave A Reply

Your email address will not be published.