দক্ষিণ আফ্ৰিকাৰ ডাৰ্বান আদালতে জালিয়াতিত লিপ্ত হোৱা মহাত্মাগান্ধীৰ পৰিনাতি আশীষলতা বিহিলে ৭বছৰৰ কাৰাদণ্ড

0 814

মহাত্মা গান্ধীৰ পৰিনাতিনিৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ ।বহু টকাৰ জালিয়াতিৰ বাবে দক্ষিণ আফ্ৰিকাৰ ডাৰ্বান আদালতে বিহিলে সাত বছৰৰ কাৰাদণ্ড ।

৫৬বছৰীয়া গান্ধীজীৰ পৰিনাতিনি আশীষ লতাই এজন স্থানীয় ব্যৱসায়ীৰ পৰা ৬০লাখ টকা আত্মসাৎ কৰিছিল।
ভুক্তভোগী ব্যৱসায়ী এছ আৰ মহাৰাজে লতাৰ বিৰুদ্ধে প্ৰলোভন দেখুৱাই টকা সৰকাই লৈ যোৱাৰ
অভিযোগ তুলিছে ।

ভাৰতৰ পৰা অহা কনচাইণ্টমেণ্টৰ আমদানি আৰু কাষ্টম ক্লিয়াৰেন্সৰ বাবে ৬০ লাখ টকাৰ জমা দিছিল,কিন্তু সেই কনচাইণ্টমেণ্ট ভুৱা আছিল ।ব্যৱসায়ীক জনৰ অভিযোগ মতে এই কনচাইণ্টমেণ্টৰ পৰা হবলগীয়া লাভৰ পৰা আধা অংশ তেওঁক প্ৰদান কৰিব বুলিও কৈছিল আশীষ লতাই।

অন্যফালে প্ৰসিদ্ধ মানৱ অধিকাৰ কৰ্মী ইলা গান্ধী আৰু স্বৰ্গীয় মেৱা ৰামগোবিন্দৰ কন্যা লতা ৰামগোবিনক দাৰ্বান স্পেচিয়েলাইজড কমাৰ্চিয়েল ক্ৰাইম আদালতে দোষী সাব্যস্ত কৰাৰ বিৰুদ্ধে কোনো আপিল কৰাৰ অনুমতিও প্ৰত্যাখান কৰে।

২০১৫চনৰ এক বিচাৰৰ কালছোৱাত নেচনেল প্ৰচিকিউচন অথৰিটী ৰ ব্ৰিগেদিয়াৰ হাংৱানী মুলোদজিয়ে আদালতৰ আগত ব্যক্ত কৰে যে বিনিয়োগকাৰী লোকসকলক ভুৱা নথিপত্ৰ প্ৰদান কৰি । সেই সময়ত ৫০০০০ টকাৰ বণ্ডত ৰামগোবিনক জামিন দিয়া হৈছিল।

সোমবাৰে হোৱা শুনানীত লতা ৰামগোবিনে এছ আৰ মহাৰাজৰ পৰা ৬২ লাখ টকাৰ সংগ্ৰহ কৰি ভাৰতৰ পৰা অহা সামগ্ৰীৰ ভুৱা বিল দেখুৱাইছিল আৰু এই কথা পোহৰলৈ অহাত ৰামগোবিনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল এছ আৰ মহাৰাজে ।

media school
Leave A Reply

Your email address will not be published.