মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি আমছুৰ তীব্ৰ প্ৰতিবাদ

0 969

দৰং জিলাৰ ছিপাঝাৰৰ ধলপুৰত উচ্ছেদৰ সময়ত অসম আৰক্ষীৰ গুলীচালনাৰ প্ৰতিবাদত আমছু – নেমছুৰ বিষয়-ববীয়াই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

প্ৰতিবাদত অংশগ্ৰহণ কৰি আমছুৰ বিষয়-ববীয়াই কয় যে, ‘আমি অসম আৰক্ষীৰ উক্ত বৰ্বৰতাক আমি ধিক্কাৰ দিছো। আমি চৰকাৰৰ উচ্ছেদৰ বিৰোধিতা কৰা নাই। কিন্তু এক বিশেষ সম্প্ৰদায়ক হাৰাশাস্তি কৰাৰ উদ্দেশ্য কৰি পুনৰ সংস্থাপন নকৰাকৈ আকস্মিক উচ্ছেদৰ বিৰোধিতা কৰিছো।’

সংগঠনটোৰ সদস্যজনে লগতে কয় যে,’আমি তেওঁলোকৰ উপযুক্ত সংস্থাপন দিয়াৰ বাবে চৰকাৰক অনুৰোধ জনাইছো। উচ্ছেদৰ সময়ত সংঘৰ্ষত নিহত উচ্ছেদিতৰ ওপৰত নিকৃষ্ট মানসিকতাৰে জপিয়াই পৰা চৰকাৰী ফটোগ্ৰফাৰজনক গ্ৰেপ্তাৰেই নহয়, উপযুক্ত শাস্তিৰ দাবী কৰিছো।’

সংগঠন দুটাৰ কৰ্মকৰ্তা সকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে বিজেপি মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, সংখ্যালঘু ৰাইজৰ ওপৰত নিৰ্যাতন বন্ধ কৰক আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে ৷

Leave A Reply

Your email address will not be published.