ৰিয়ান পৰাগক লৈ সৰৱ মাঞ্জৰেকাৰ–চোপ্রা–ষ্টেইন

0 19,084

এইবাৰ ৰিয়ান পৰাগক লৈ সৰব হৈছে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন তাৰকা পেচাৰ ডেল ষ্টেইন।

ষ্টেইনে কৈছে যে পৰাগে দলটোৰ বাবে একো কৰিব পৰা নাছিল আৰু তেওঁক কিয় পুনৰ সুযোগ দিয়া হৈছে বুজি পোৱা নাই।

ষ্টেইনে ভাৰতৰ হৈ খেলা শিৱম দুবেৰ দৰে খেলুৱৈক সুযোগ নিদিয়াকৈ সকলো প্ৰতিযোগিতাত ৰিয়ান পৰাগক সুযোগ দিয়াৰ দলটোৰ সিদ্ধান্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। আই পি এলৰ এই ছিজনত সকলো ১০ খন মেচত খেলা পৰাগে ১২ তকৈ অধিক গড়ে মাত্ৰ ৮৪ ৰাণ হে সংগ্ৰহ কৰিছে।

পৰাগে এজন বলাৰ হিচাপে মাত্ৰ এটা উইকেট লাভ কৰিবলৈ সক্ষম হৈছে। যেতিয়া অধিনায়ক সঞ্জু চেমছনে এফালে এজনীয়া যুঁজ তৈয়াৰ কৰি আছে তেতিয়া ৰিয়ান পৰাগ বা আন মিডল অৰ্ডাৰৰ বেটছমেনসকলে পৰ্যাপ্ত সমৰ্থন আগবঢ়াব পৰা নাই।

ৰিয়ান পৰাগে সঁচাকৈয়ে একো কৰা নাই। আপুনি জানেনে, কিছুমান আকৰ্ষণীয় উদযাপনৰ বাহিৰে মই আন একো মনত ৰাখিব নোৱাৰো। কুমাৰ চাংগাকাৰাই সঁচাকৈয়ে এই যুৱকজনৰ মাজত কিবা এটা চাব লাগিব যিটো তেওঁ এতিয়ালৈকে দেখুওৱা নাই।

লগতে আই পি এলত বাৰম্বাৰ সুযোগ লাভৰ পিছতো ব্যর্থ হোৱা অসম সন্তান ৰিয়ান পৰাগক তীব্র সমালোচনা কৰিছে ভাৰতৰ প্রাক্তন ক্রিকেটাৰ তথা জনপ্রিয় ধাৰাভাষ্যকাৰ সঞ্জয় মাঞ্জৰেকাৰ আৰু আকাশ চোপ্রাই৷ ইউ এ ইত চলি থকা আই পি এলৰ দ্বিতীয় লেগত ৰাজস্থান ৰয়েলছে খেলা তিনিওখন মেচত শোচনীয়ভাৱে ব্যর্থ হোৱাৰ পিছত প্রতিভাৱান বেটছমেন ৰিয়ানক সমালোচনাৰে থকাসৰকা কৰি মাঞ্জৰেকাৰে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে৷ এই ভিডিঅ’টোত তেওঁ ৰাজস্থান ৰয়েলছক পোনপটীয়াকৈ প্রশ্ণ কৰে যে বাৰম্বাৰ ব্যর্থ হোৱাৰ পিছতো তেওঁলোকে ৰিয়ান পৰাগক কিয় সুযোগ দি আছে? তেওঁ এনে কি কাম কৰিছে যাৰ বাবে প্রতিবাৰে মূল একাদশত স্থান পায়? ৰিয়ানৰ দীঘলীয়া ব্যর্থতাই ৰাজস্থান ৰয়েলছক বিপদত পেলোৱা বুলিও জনপ্রিয় ধাৰাভাষ্যকাৰগৰাকীয়্ উল্লেখ কৰে৷

Leave A Reply

Your email address will not be published.