৫ সমষ্টিৰ উপ নিৰ্বাচনত মুঠ ৩১ প্ৰাৰ্থীয়ে কৰিব প্ৰতিদ্বন্দ্বিতা

0 637

শনিবাৰে আছিল ৰাজ্যৰ পাঁচ সমষ্টিৰ মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ৷ এই অন্তিম দিনটোত আঠজন প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিলে মনোনয় ৷ ৩০ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া পাঁচ সমষ্টিৰ উপ নিৰ্বাচন (By Election)ত প্ৰতিদ্বন্দ্বিতা কৰিব মুঠ ৩১জন প্ৰাৰ্থীয়ে ৷

শনিবাৰৰ দিনটোত তামোলপুৰ সমষ্টিত মনোনয়ন দাখিল কৰা তিনিজন আৰু গোসাঁইগাঁও সমষ্টিত মনোনয়ন দাখিল কৰা পাঁচজন প্ৰাৰ্থীয়ে মনোনয়নপত্ৰ প্ৰত্যাহাৰ কৰে ৷

শনিবাৰে ৰাজ্যিক নিৰ্বাচনী বিষয়াই সদৰি কৰা মতে গোসাঁইগাঁও সমষ্টিত আঠজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো আনুষ্ঠানিকভাৱে নিশ্চিত হয় ৷ ইয়াৰ ভিতৰত আছে কংগ্ৰেছৰ জুয়েল টুডু, UPPLৰ জিৰণ বসুমতাৰী, AIUDFৰ খাইৰুল আনম খণ্ডকাৰ, নিৰ্দলীয় প্ৰাৰ্থী উত্তম কুমাৰ তালুকদাৰ, কমল ৰায়, ওছমান গনি আৰু আব্দুল হাছেম আকণ্ড ৷
তামুলপুৰ সমষ্টিৰ প্ৰাৰ্থী হৈছে ক্ৰমে কংগ্ৰেছৰ ভাস্কৰ দাহাল, UPPLৰ জলেন দৈমাৰী, গণ সুৰক্ষা পাৰ্টীৰ ব্ৰজেন্দ্ৰ নাথ ডেকা, ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেলৰ ৰাজ কুমাৰ বড়ো, নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰী আৰু যশৱন্ত চৌহান ৷

একেদৰে মৰিয়নি সমষ্টিৰ প্ৰাৰ্থী হৈছে ক্ৰমে BJPৰ ৰূপজ্যোতি কুৰ্মী, কংগ্ৰেছৰ লোহিত কোঁৱৰ, অসম সংগ্ৰামী মঞ্চৰ গোপাল চন্দ্ৰ ঘাটোৱাৰ আৰু নিৰ্দলীয় হিচাপে সঞ্জীৱ গগৈ ৷

ৰাজ্যিক নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে শনিবাৰে ঘোষণা কৰা মতে থাওৰা সমষ্টিৰ প্ৰাৰ্থী হৈছে মুঠ পাঁচজন ৷ ইয়াৰ ভিতৰত আছে BJPৰ সুশান্ত বৰগোহাঁই, কংগ্ৰেছৰ মনোৰঞ্জন কোঁৱৰ, CPIৰ কৃষ্ণ গগৈ আৰু নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে ধৈৰ্য্য কোঁৱৰ আৰু লোহিত গোৱালা ৷

Leave A Reply

Your email address will not be published.