বিশ্বৰ বৃহত্তম ক’ভিড টিকাকৰণ অভিযান

0 198

দেশত ১০০ কোটি ভেকচিনৰ ড’জ প্ৰদান কৰি ভাৰতে ৰছিলে ইতিহাস । ভাৰতৰ এই অভিলেখত আনন্দিত হৈ আজি দিনৰ ১০ বজাত এক লাইভ যোগে চিকিৎসক-নাৰ্চ-অগ্ৰণী যোদ্ধা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

উল্লেখ্য যে যক্ষ্মা ৰােগৰ ১০০ কোটি ভেকচিন দিবলৈ দেশক কমেও ৩২ বছৰ আৰু পলিঅ’ৰ ভেকচিন দিবলৈ দেশক ২০ বছৰ লাগিছিল । আৰু এই ক্ষেত্ৰত কোভিডৰ ১০০ কোটিৰ অধিক ভেকচিন প্রদানৰ অভিলেখে এতিয়া ইতিহাস সৃষ্টি কৰিছে ।

প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে এক টুইটযােগে কয়— “ভাৰতে ৰচিলে ইতিহাস। ভাৰতীয় বিজ্ঞান, উদ্যোগ আৰু ১৩০ কোটি ভাৰতীয়ৰ সংগৃহীত উদ্যমৰ বিজয়ােল্লাসৰ আমি সাক্ষী হৈছোঁ। অভিনন্দন ভাৰত ১০০ কোটি টিকাকৰণৰ বাবে। আমাৰ চিকিৎসক-নাছ আৰু যিসকলে এই মাইলৰ খুঁটি গঢ়াত কঠোৰ পৰিশ্ৰম কৰিলে, সেইসকলক কৃতজ্ঞতা। ঘাতক ক’ভিড-১৯এ সংহাৰী ৰূপ লৈ জনজীবন
বিধ্বস্ত কৰাৰ লগতে অর্থনীতিও বিধ্বস্ত কৰাৰ সময়তে ভাৰতীয় বিজ্ঞানীয়ে ক’ভিড-১৯ৰ ভেকচিন থলুৱাভাৱে বিকশিত কৰি পিছলৈ সেই ক’ভিড ভেকচিন দেশবাসীক প্ৰদান কৰাৰ সুবিধা কৰি দিয়ে। যােৱা ১৬ জানুৱাৰীৰ পৰা পর্যায়ক্রমে ক’ভিড-১৯ টিকাকৰণ অভিযান আৰম্ভ হৈ পিছলৈ ক্ষিপ্রতৰ হৈ ২৮১ দিনৰ ভিতৰত ১০০ কোটি ক’ভিড ভেকচিন ড’জ প্রদান কৰি এক অভিলেখ গঢ়িলে” ।

Leave A Reply

Your email address will not be published.