খাদ্য বিতৰণ কোম্পানী Swiggyৰ বিশেষ ঘোষণা

0 4,717

খাদ্য বিতৰণ কোম্পানী চুইগিয়ে (Swiggy) কৰিছে এক বিশেষ পদক্ষেপ । মহিলা কৰ্মচাৰীসকলে ঋতুস্ৰাৱৰ দিনত কাম কৰিবলৈ আহিলে প্ৰতি মাহে সমস্যাৰ সন্মুখীন হয় আৰু তেওঁলোকৰ কষ্ট লাঘৱ কৰিবলৈ Swiggyয়ে তেওঁলোকৰ বাবে এক বিশেষ বন্ধৰ (Swiggy Women Period Leave) ঘোষণা কৰিছে।

মহিলা কৰ্মচাৰীসকলক বিশেষ অসুবিধাৰ পৰা সকাহ দিবলৈ Swiggy য়ে আৰম্ভ কৰিছে দুদিনীয়া ঋতুকালীন বন্ধ । প্ৰতিষ্ঠানটোৱে লগতে উল্লেখ কৰিছে যে এই পদক্ষেপটো মহিলাসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আগবঢ়োৱা হৈছে । কোম্পানীৰ নতুন নিৰ্দেশনাৰ কথা উল্লেখ কৰি কোম্পানীৰ উপ-সভাপতি মিহিৰ শ্বাহে কয়, “বহুতো মহিলাই মুখ্যতঃ এই সময়ত ৰাস্তাত বাহিৰলৈ যাওঁতে সন্মুখীন হোৱা অসুবিধাৰ বাবে ডেলিভাৰী কাম কৰিব নিবিচাৰে। আমি ঋতুগত প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ , তেওঁলোকৰ সুবিধাৰ বাবে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছো আৰু তেওঁলোকৰ কাষত থিয় দিছো” ।

Leave A Reply

Your email address will not be published.