ছেবাৰ নতুন সিদ্ধান্তঃ ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা OMR শ্বীটত দিব লাগিব পৰীক্ষাৰ্থীয়ে

0 115

ছেবাই ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা বাবে গ্ৰহণ কৰিলে নতুন সিদ্ধান্ত । মঙলবাৰে ছেবাৰ অধ্যক্ষই বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ জাৰি কৰা এক জাননী অনুসৰি ২০২৪ বৰ্ষৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ’ব লগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত পৰীক্ষাৰ্থীয়ে অ’এমআৰ শ্বীটযোগে পৰীক্ষাত অৱতীৰ্ণ হ’ব।

ইয়াৰ লগতে ৫০ শতাংশ নম্বৰৰ পৰীক্ষা হ’ব OMR শ্বীটৰ জৰিয়তে আৰু আন ৫০ শতাংশ নম্বৰৰ পৰীক্ষা পৃথক উত্তৰ বহীত অনুষ্ঠিত কৰা হ’ব। তদুপৰি পৰীক্ষাত বহাৰ যোগ্যতা সম্পৰ্কতো জাননীত নিৰ্দেশনা জাৰি কৰিছে ছেবাই। আগন্তুক বৰ্ষৰ প্ৰথম সপ্তাহতে অনুষ্ঠিত কৰা হ’ব ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা।

জাননীত উল্লেখ্য কৰা অনুসৰি শিক্ষাৰ্থীসকলে ইতিমধ্যেই গুণোৎসৱৰ জৰিয়তে অ’এমআৰ শ্বীটৰ সাম্যক ধাৰণা লাভ কৰাৰ বাবে২০২৪ বৰ্ষত ৫০ শতাংশ প্ৰশ্নোত্তৰৰ বাবে অ’এমআৰ শ্বীটৰ ব্যৱস্থা কৰা হ’ব। অৱশ্যে ছাত্ৰ-ছাত্ৰীসকলে এই সুবিধা ইংৰাজী, সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ৰ বাবেহে লাভ কৰিব।

উক্ত বিষয়সমূহৰ ৫০ শতাংশ প্ৰশ্ন অৱজেকটিভ টাইপ হোৱাৰ সমান্তৰালভাবে উত্তৰ বহী ১৬টা পেজত অন্তৰ্ভুক্ত হ’ব বুলি জাননীত উল্লেখ আছে।

Leave A Reply

Your email address will not be published.