বৰ্ষাক বিদায় দি ধৰালৈ নামি আহিব শৰৎঃ ঋতু পৰিৱৰ্তনৰ প্ৰাকক্ষণত ব্যস্ততা বাঢ়িছে মৃণ্ময় শিল্পীৰ

0 94

মাজত মাথোঁ কেইটামান দিন ৷ বৰ্ষাক বিদায় দি ধৰালৈ নামি আহিব শৰৎ ৷ সেয়েহে ঋতু পৰিৱৰ্তনৰ প্ৰাকক্ষণত ব্যস্ততা বাঢ়িছে মৃণ্ময় শিল্পীৰ ৷ শৰৎ মানেই শাৰদীয় পূজাৰ বতৰ ৷ গতিকে শাৰদীয় পূজাৰ মৃণ্ময় মূৰ্তি বনোৱাত ইতিমধ্যেই ব্যস্ততা আৰম্ভ হৈছে শিল্পীসকলৰ ৷

১৮ ছেপ্তেম্বৰ অৰ্থাৎ ভাদ আৰু আহিনৰ সংক্ৰান্তিৰ দিনা জগত খনিকৰ বিশ্বকৰ্মা পূজা গতিকে শাৰদীয় প্ৰথম ভাগ পূজাৰ বাবে বিশ্বকৰ্মাৰ মৃণ্ময় মূৰ্তিক শেষৰূপ দিয়াত ব্যস্ত শিল্পীসকল ৷ সুনিপুণ হাতেৰে সুন্দৰ ৰূপ দি মূৰ্তিক ভক্তৰ হাতত তুলি দিবলৈ দিনে–নিশাই ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল ৷ এই পূজাৰ সময়খিনি বহুতৰ বাবে অতি গুৰুত্বপূৰ্ণ। বিশ্বকৰ্মা পূজাৰ আগৰে পৰাই কিছুসংখ্যক লোকৰ ব্যস্ততা বাঢ়ে।তেওঁলোকৰ বাবেই সাধাৰণ ভক্তৰ বাবে সম্ভৱ হয় পূজা উদযাপন।

এইসকল শিল্পীয়েই গঢ় দিয়ে বিশ্বকৰ্মা, মা দুৰ্গা, গণেশ-কাৰ্তিক সকলোকে। এইসকল শিল্পীৰ উপাৰ্জনৰ দিন এতিয়া । পূজাৰ আনন্দৰ মাজত তেওঁলোকৰ কষ্ট হেৰাই যায়।

Leave A Reply

Your email address will not be published.