শীঘ্ৰেই বন্ধ হোৱাৰ পথত ৰাজ্যৰ ১১ সহস্ৰাধিক মাতৃভাষা মাধ্যমৰ বিদ্যালয়

0 153

ৰাজ্যৰ শিক্ষাক্ষেত্ৰৰ বাবে এক দুঃখবৰ । শিক্ষাৰ্থীৰ অভাৱত বন্ধ হোৱাৰ দিশে বহু চৰকাৰী বিদ্যালয়। মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ নিঃশেষ কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে শিক্ষাবিভাগ।

শীঘ্ৰেই বন্ধ হোৱাৰ পথত ৰাজ্যৰ ১১ সহস্ৰাধিক ৰাজহুৱা খণ্ড তথা মাতৃভাষা মাধ্যমৰ বিদ্যালয়। তথ্য অনুসৰি ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানত প্ৰতিবছৰে হ্ৰাস পাইছে শিক্ষাৰ্থীৰ সংখ্যা।

এই ভয়ংকৰ তথ্য ‘শিক্ষাসেতু’ এপৰ জৰিয়তে লাভ কৰা তথ্য পোহৰলৈ আহিছে।এই তথ্য অনুসৰি ৰাজ্যৰ ৩১খন বিদ্যালয়ত ১জনকৈ শিক্ষাৰ্থী থকাৰ বিপৰীতে ৬৫খন বিদ্যালয়ত আছে মাত্ৰ দুগৰাকীকৈ ছাত্ৰ-ছাত্ৰী।

আনহাতে ৰাজ্য়ৰ ১১ হাজাৰ ২শ ৭২খন বিদ্যালয়ত আছে ৩০জনতকৈ কম শিক্ষাৰ্থী। এই তথ্যৰ আধাৰতে বিভাগে বিদ্যালয়সমূহ বন্ধ কৰাৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে। যাৰ ফলত অসমত নাইকি য়া হ’ব ১১ সহস্ৰাধিক মাতৃভাষা মাধ্যমৰ বিদ্যালয়।

Leave A Reply

Your email address will not be published.