এতিয়াৰ পৰা ৰাজ্যত নাথাকিব এজনীয়া শিক্ষকৰ বিদ্যালয়ঃ শিক্ষামন্ত্ৰী ৰণোজ পেগু

0 138

এতিয়াৰ পৰা ৰাজ্যত নাথাকিব এজনীয়া শিক্ষকৰ কোনো বিদ্যালয় আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰে। শিক্ষামন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা অনুসৰি এমাহৰ ভিতৰতে এখন এখনকৈ বিদ্যালয় পৰীক্ষা কৰি চোৱা হ’ব। লগতে কোনো বিদ্যালয়ত যদি শিক্ষকৰ অভাৱত শিক্ষাৰ্থী কমি যোৱাৰ কাৰণ হয় তেনে বিদ্যালয়বোৰত শিক্ষকৰ অভাৱ পূৰণ কৰি এবছৰৰ ভিতৰত শিক্ষাৰ্থী সংখ্যা বৃদ্ধি কৰাৰো সুযোগ দিয়া হ’ব।

উল্লেখ্য যে, শীঘ্ৰে ৰাজ্যৰ ১১ সহস্ৰাধিক ৰাজহুৱা খণ্ড তথা মাতৃভাষা মাধ্যমৰ বিদ্যালয় বন্ধ হোৱা এই ভয়ংকৰ তথ্য ‘শিক্ষাসেতু’ এপৰ জৰিয়তে পোহৰলৈ আহিছিল। তাৰ পাছতে শিক্ষামন্ত্ৰীগৰাকীয়ে এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে।

কিয়নো বৰ্তমান ৰাজ্যত ২,৪৪১খন এজনীয় শিক্ষক থকা বুলি শিক্ষাসেতু এপৰ জৰিয়তে এই তথ্য পোহৰলৈ আহে। ইয়াৰ পাছতে ২২ ছেপ্টম্বৰৰ দিনটো শিক্ষামন্ত্ৰী গৰাকীয়ে শিক্ষাসেতু এপটোৰ এই ঘোষণা কৰে

Leave A Reply

Your email address will not be published.