পদক অৰ্জনৰ দিশে এখোজ আগবাঢ়িল লাভলীনা, কেৱাৰ্টাৰ ফাইনেলত পৰাস্ত কৰিলে দক্ষিণ কোৰিয়াৰ খেলুৱৈক

0 171

এছিয়ান গেমছত পদক নিশ্চিত কৰিলে লাভলিনাই।এছিয়ান গেমছত ভাৰতীয় বক্সাৰগৰাকীৰ বৃহৎ জয়। ইয়াৰ লগে লগে বক্সিংত ভাৰতৰ তৃতীয় পদক নিশ্চিত হৈছে।

লাভলিনাই মহিলাৰ ৭৫ কেজি শাখাত কোৰিয়াৰ ছুয়েঅন ছেয়ঙৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত ৫-০ পইণ্টৰ ব্যৱধানত জয় লাভ কৰে। যাৰ পাছতেই লাভলিনা বৰগোহাঁইয়ে এছিয়ান গেমছৰ বক্সিঙৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰোপৰি, তেওঁ পেৰিচ অলিম্পিকত যোগ্যতা অৰ্জন কৰে।

আনহাতে, ভাৰতীয় শ্বুটাৰ সৰবজ্যৌত সিং আৰু দিব্যা থাড়িগলে এছিয়ান গেমছ ২০২৩ৰ ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টীম ইভেণ্টত ৰূপৰ পদক লাভ কৰে।

ৰোহন বোপান্না আৰু ৰুতুজা ভোচলেৰ যুটিয়ে তেওঁলোকৰ টেনিছ ফাইনেলত যুঁজ দি আছে।। এথলেটিকছত (Athletics) মুৰলী শ্ৰীশংকৰে পুৰুষৰ লং জাম্প (Long Jump) ফাইনেলৰবাবে যোগ্যতা অৰ্জন কৰিছে। জ্যোতি য়াৰাজী (Jyothi Yarraji), নিত্যা ৰামৰাজে (Nithya Ramraj) মহিলাৰ ১০০ মিটাৰ Hurdle Gameৰ ফাইনেলত প্ৰৱেশ কৰিছে।

media school
Leave A Reply

Your email address will not be published.