পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰাসকলক সাৱধানবাণীঃ শিক্ষামন্ত্ৰীৰ

0 130

সোমবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত বাখ্যা কৰে। ইতিমধ্যে নিযুক্তি প্ৰক্ৰিয়াক নিকা কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত। নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলে লোৱা হ’ব কঠোৰ ব্যৱস্থা।

APSCৰ পৰা TET লৈ সকলোতে প্ৰযোজ্য হ’ব এই নিয়ম। যিসকলে শিক্ষাৰ্থীয়ে অসৎ উপায় অৱলম্বন কৰে সেইসকল শিক্ষাৰ্থীৰ তিনি বছৰ পৰ্যন্ত জে’ল হোৱাৰ লগতে ১ লাখ টকা পৰ্যন্ত জৰিমনা হ’ব।

ইয়াৰ উপৰিও পেপাৰ লীক কৰিলে, উত্তৰ বেলেগে লিখিলে, পৰীক্ষা কেন্দ্ৰৰ বাহিৰত পৰীক্ষা আদি বিষয়ত জড়িত সকলৰ ৫ বছৰৰ পৰা ১০ বছৰ পৰ্যন্ত হ’ব জে’ল লগতে ১ লাখৰ পৰা ১০ লাখ পৰ্যন্ত হ’ব জৰিমনা।

Leave A Reply

Your email address will not be published.