এই ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰি পইতাচোৰাৰ উৎপাতৰ পৰা ৰক্ষা পাওঁক

0 335

আমাৰ পাকঘৰ বা ঘৰ সঠিকভাৱে পৰিস্কাৰ নকৰিলে পইতাচোৰাই সন্ত্ৰাস চলাবলৈ আৰম্ভ কৰে।সেই পইতাচোৰাৰ পৰা সমগ্ৰ ঘৰটোতে বিভিন্ন ধৰণৰ ৰোগ আৰু বীজাণু বিয়পে। এই সমস্যাৰ পৰা সকাহ পাবলৈ গৃহিনীসকলে বজাৰত উপলব্ধ বহু প্ৰকাৰৰ ঔষধসমূহ ঘৰখনত বাস কৰা শিশু আৰু পোহনীয়া জন্তুৰ বাবে অত্য়ন্ত ক্ষতিকাৰক।

সেয়েহে এইক্ষেত্ৰত আপুনি কেতবোৰ ঘৰুৱা প্ৰতিকাৰ ৰব্যৱহাৰ কৰি ঘৰৰ পৰা পইতাচোৰাক বিদায় দিব পাৰে।আহক আজি আমি সেই বিষয়ে জানো-

কফি-কফিৰ সহায়ত আমি পাকঘৰত দৈনিক উপদ্ৰৱ চলোৱা পইতাচোৰা হ্ৰাস কৰিব পাৰে। আপুনি অলপ কফি লৈ কাপোৰত মেৰিয়াই কেইটামান সৰু সৰু টোপোলা কৰি পাকঘৰৰ চুকে কোণে থৈ দিব।দেখিব পইতাচোৰাবোৰ নাইকিয়া হ’ব।

নিম- পাকঘৰত থকা পইতাচোৰাৰ পৰা সকাহ পাবলৈ আপুনি নিম তেল ব্যৱহাৰ কৰিব পাৰে।কেইটুকুৰামান কপাহ লৈ নিম তেলত তিয়াই কপাহখিনি পইতাচোৰা ওলোৱা ঠাইত ৰাখক।দেখিব আপোনাৰ পাকঘৰৰ পৰা ফইতাচোৰাৰ সন্ত্ৰাসে কমি যাব।

মাউথৱাছ- পইতাচোৰাৰ পৰা সকাহ পাবলৈ বেছিকৈ গোন্ধ থকা তথা ‘মিণ্ট ফ্লেভাৰ’ৰ মাউথৱাছও ব্যৱহাৰ কৰিব পাৰি। আপুনি অলপ পানী লৈ তাত সম পৰিমাণৰ মাউথৱাছ মিহলি কৰি এটা স্প্ৰে প্ৰস্তুত কৰি ল’ব। এই স্প্ৰেটো পাকঘৰত ব্যৱহাৰ কৰিলে আপুনি সহজেই পইতাচোৰা খেদিব পাৰিব।

বৰিক পাউডাৰ আৰু চেনী-পইতাচোৰাৰ আতংকৰ পৰা ৰক্ষা পাবলৈ আপুনি বৰিক পাউডাৰো ব্যৱহাৰ কৰিব পাৰে।এই পাইডাৰ চেনীৰ সৈতে মিহলাই সৰু সৰু টোপোলা কৰি পাকঘৰৰ কেইটামান ঠাইত থৈ দিব।মিঠায়ে পইতাচোৰাক আকৰ্ষিত কৰিব আৰু সিহঁতে এই টোপোলাটো খাবলৈ আহিব।একে সময়তে বৰিক পাউডাৰ খোৱাৰ ফলত পইতাচোৰাৰ শৰীৰত পানী হ্ৰাস হৈ সিহঁত মৰি যাব।

Leave A Reply

Your email address will not be published.