যতীন বৰাৰ বহু প্ৰত্যাশিত ছবি ‘ৰাঘৱ’ ৰ ট্ৰেইলাৰ মুকলি

0 110

২৭ অক্টোবৰত ছবিগৃহলৈ আহি আছে যতীন বৰাৰ অভিনীত বহু প্ৰত্যাশিত ছবি ‘ৰাঘৱ’ JB PRODUCATION ৰ দ্বাৰা নিৰ্মিত এইখন দ্বিতীয় ছবি।ইফালে এই ছবিখনৰ টিজাৰ মুকলি কৰাৰ পাছৰে পৰা অনুৰাগীয়ে অপেক্ষা কৰি আছিল ছবিখনৰ ট্ৰেইলাৰৰ বাবে। কিন্তু এতিয়া অপেক্ষাৰ অন্ত পৰিল। কিয়নো বুধবাৰে সামাজিক মাধ্যমযোগে মুকলি কৰা হ’ল ৰাঘৱ ছবিখনৰ ট্ৰেইলাৰ।

ধ্বনি ৰেকৰ্ডচ নূবামৰ চেনেলটোৰ জৰিয়তে মুক্তি দিয়া হয় ছবিখনৰ ট্ৰেইলাৰ।ৰত্নকৰৰ সফলতাৰ পাছতে এইবাৰ ‘ৰাঘৱ’ ৰ বাবে সাজু হৈছে JB PRODUCTION য়ে। কিছুদিন পূৰ্বে পল্টন বজাৰস্থিত ASTC ত মুকলি কৰিছিল প্ৰথমটো টিজাৰ।

‘ৰাঘৱ’ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা যতীন বৰাৰ লগতে নিশিতা গোস্বামী বিশিষ্টি অভিনেত্ৰী মৃদুলা বৰুৱা, হিৰণ্য ডেকা, সিদ্ধাৰ্থ নিপন গোস্বামীকে ধৰি কেইবাগৰাকী ন- পুৰণি অভিনেতা- অভিনেত্ৰীয়ে অভিনয় কৰিছে।

Leave A Reply

Your email address will not be published.