কাছাৰ জিলাৰ ২৪২২০ গৰাকী শিক্ষাৰ্থীলৈ আনুষ্ঠানিকভাৱে চাইকেল বিতৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

0 98

ডিজিটেল ডেস্ক: অসম চৰকাৰৰ জলসম্পদ, সামাজিক ন্যায় আৰু সৱলীকৰণ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি কাছাৰ জিলাৰ শিলচৰত অনুষ্ঠিত এটা অনুষ্ঠানত অংশ লৈ ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ বিশেষ প্ৰকল্পৰ অধীনত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ আগবঢ়োৱা চাইকেল বিতৰণ কাৰ্যসূচী জিলাখনত আৰম্ভ কৰে ।

উল্লেখ্য যে অসম চৰকাৰে ৰাজ্যখনৰ চৰকাৰী বিদ্যালয়ৰ নৱম শ্ৰেণীত অধ্যয়নৰত প্ৰায় ৩.৬৯ লাখ শিক্ষাৰ্থীক চাইকেল প্ৰদান কৰাৰ আঁচনিৰ অধীনত ৰাজ্যযুৰি কাৰ্যসূচী গ্ৰহণ কৰিছে । মন্ত্ৰী হাজৰীকাই আজি অংশ লোৱা কাছাৰ জিলাত মুঠ ২৪২২০ গৰাকী শিক্ষাৰ্থীয়ে চৰকাৰৰ পৰা চাইকেল লাভ কৰিছে ।

মন্ত্ৰীগৰাকীয়ে আজি আনুষ্ঠানিকভাৱে জিলাখনত চাইকেল বিতৰণ কাৰ্যসূচী আৰম্ভ কৰি উপস্থিত প্ৰায় তিনি হাজাৰোধিক শিক্ষাৰ্থীক উদ্দেশ্যি কয় যে তেওঁলোকে জীৱনত প্ৰতিষ্ঠা লাভ কৰিবলৈ অধ্যয়ন কৰিবই লাগিব । অধ্যৱসায়েৰে ভাৰতীয় নাগৰিকে ভাৰততে আনুষ্ঠানিক শিক্ষা লাভ কৰি গুগল, মাইক্ৰ’চফ্ট আদি বৃহৎ কোম্পানীৰ শীৰ্ষ পদবীত অধীস্থিত হ’বলৈ সক্ষম হোৱা বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই শিক্ষাৰ্থী সকলক ভালদৰে অধ্যয়ন কৰিবলৈ আহ্বান জনায় ।

আনহাতে শিক্ষা আৰু প্ৰতিষ্ঠা লাভ কৰাৰ সমান্তৰালভাৱে আমি সকলোৱে সমাজৰ প্ৰতি দায়বদ্ধ হৈ কাম কৰিব লাগে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই শিক্ষাৰ্থীসকলক স্বদেশ আৰু স্বজাতিৰ প্ৰতি দায়বদ্ধ হৈ জীৱনত আগবাঢ়ি যোৱাৰ বাবে আহ্বান জনায় । বৰ্তমানৰ চৰকাৰখনৰ দিনত ৰাজ্যখনত বহুকেইখন নতুন চিকিৎসা মহাবিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণ কৰি কাৰ্যক্ষম কৰাৰ ফলত বহুতো স্থানীয় শিক্ষাৰ্থীয়ে চিকিৎসক আৰু অভিযন্তা হ’বলৈ সুযোগ লাভ কৰা বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলৰ উন্নয়নৰ বাবে সৰ্বতোপ্ৰকাৰে চৰকাৰে কাম কৰি আছে বুলিও উল্লেখ কৰে ।

আজিৰ এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ লগতে বিধায়কদ্বয় দীপ্যায়ন চক্ৰৱৰ্তী আৰু কৌশিক ৰায়, জিলা আয়ুক্ত আৰু আন বিষয়াসকল উপস্থিত আছিল ।

Leave A Reply

Your email address will not be published.