নিশাৰ গুৱাহাটীত পুনৰ চাঞ্চল্যকৰ ঘটনা,ষষ্ঠীৰ দিনাই Uberত ধৰ্ষণৰ চেষ্টা যুৱতীক

0 170

নিশাৰ গুৱাহাটীত পুনৰ চাঞ্চল্যকৰ ঘটনা ৷ ষষ্ঠীৰ দিনাই Uberত ধৰ্ষণৰ চেষ্টা যুৱতীক।

খ্ৰীষ্টানবস্তিৰ ইণ্ডিয়ান অইল ডিপোৰ সমীপত সংঘটিত হৈছে এই ঘটনা। উবেৰ চালকে গাড়ীৰ ভিতৰতে এই কাণ্ড সংঘটিত কৰাৰ অভিযোগ যুৱতীৰ।উল্লেখযোগ্য যে,  বৃহস্পতিবাৰে নিশা প্ৰায় ১০:৩০ বজাত সংঘটিত হৈছে এই ঘটনা।

গণেশগুৰিৰ পৰা উবেৰ বুক কৰিছিল যুৱতীগৰাকীয়ে। পেট্ৰ’ল ভৰোৱাৰ চলেৰে খ্ৰীষ্টানবস্তিত গাড়ীখন ৰখাইছিল চালকজনে আৰু কোনো মানুহ নোহোৱাৰ সুযোগ লৈ যুৱতীগৰাকীক অপকৰ্মৰ চেষ্টা কৰা বুলি অভিযোগ আনিছে যুৱতীগৰাকীয়ে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগী যুৱতীয়ে। অৰুণাচলৰ যুৱতীগৰাকীয়ে এজাহাৰত উল্লেখ কৰিছে উবেৰখনৰ নম্বৰ।

ঘটনা সংঘটিত কৰা উবেৰখনৰ নম্বৰ হৈছে AS 25 CC 1847। শেহতীয়াকৈ জানিব পৰা মতে, অপকৰ্মৰ চেষ্টা কৰা উবেৰ চালকজনক আৰক্ষীয়ে আটক কৰিছে। জু-ৰোডৰ পৰা আটক কৰা অভিযুক্ত উবেৰ চালকজনৰ নাম মুছলেম আলী বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.