হিট এণ্ড ৰাণ গোচৰত বলীউডৰ অভিনেতাক দুমাহৰ বাবে কাৰাদণ্ড

0 115

এণ্টাৰটেমেণ্ট ডেস্ক, ২২অক্টোবৰ : বলীউডৰ অভিনেতাক দুমাহৰ বাবে কাৰাদণ্ড । হিট এণ্ড ৰাণ গোচৰত কাৰাদণ্ড প্ৰদান বলীউডৰ অভিনেতাক । সুৰাপান কৰি বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰাৰ গোচৰ আছিল অভিনেতাগৰাকীৰ বিৰুদ্ধে ।

উল্লেখ্য যে, প্ৰবীন অভিনেতা দলিপ তাহিলকে ২০১৮ সংঘটিত কৰিছিল এক দুৰ্ঘটনা । ২০১৮ সুৰা পান কৰি গাড়ী চলাই অটোৰিক্সা এখনত গাড়ীৰে খুন্দা মৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল । ইফালে অভিনেতাজনক ২০১৮চনত খাৰত এগৰাকী মহিলাক গাড়ীৰে আঘাত কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছে । ৫বছৰ পুৰণি গোচৰৰ বাবে আদালতে দলিপ তাহিলক ৰায়দান প্ৰদান কৰে । দুমাহ সাধাৰণ কাৰাদণ্ড ৰায় দিয়ে(Indian actor Dalip Tahil sentenced to 2 months of jail for 2018 drunk driving case) ।

অভিযোগ অনুসৰি দলিপ তাহিলকেয়ে সুৰাপান কৰি বাহন চলাই এগৰাকী মহিলাক খুন্দিয়াইছিল । তাৰ পিছতে এই বিষয়টোক লৈ দীৰ্ঘদিন ধৰি বিচাৰ প্ৰক্ৰিয়া চলি আছিল । এই গোচৰত দোষী সাব্যস্ত কৰা হৈছিল অভিনেতাগৰাকীক(Indian actor Dalip Tahil sentenced to 2 months of jail ) ।

এই ঘটনাটোত দালিপৰ বাহন আৰু এখন অটোৰিক্সাৰ মাজৰ সংঘৰ্ষ আছিল । যাৰ ফলত দুগৰাকী যাত্ৰী আঘাতপ্ৰাপ্ত হৈছিল । দুৰ্ঘটনাৰ পাছত অভিনেতাগৰাকী প্ৰথমে ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা কৰিছিল কিন্তু গণেশ বিসৰ্জন শোভাযাত্ৰাৰ ফলত হোৱা যান-জঁটৰ ফলত তেওঁ পলায়ন কৰিব পৰা নাছিল ।

দুগৰাকী যাত্ৰীয়ে অৱশেষত দালিপৰ বাহনখন প্ৰত্যক্ষ কৰে আৰু তেওঁৰ সৈতে তৰ্কত লিপ্ত হয় । তেওঁলোকৰ মাজত কাজিয়া হৈছিল আৰু অৱশেষত আৰক্ষীক অৱগত কৰা হয় ।

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিনেতা দালিপ টাহিলক জিম্মাত লয় । পিছত অভিনেতাজনক জামিনত মুক্তি দিয়া হৈছিল ।

Leave A Reply

Your email address will not be published.